নিয়মীয়া বাৰ্তা, ৬ জুনঃ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শিবু ছেত্ৰীক আটক। মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই মাৰ্ঘেৰিটা ইউ’ক বেংকৰ সমীপত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজকুমাৰ ছেত্ৰী ওৰফে শিবুক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতেই আৰক্ষীয়ে ধৃত শিবুক লগত লৈ মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তৰ সন্মুখতে থকা ধৃত শিবুৰ বাসগৃহত অভিযান চলায় যদিও বাসগৃহত ড্ৰাগছ পোৱা নগল। উল্লেখ্য যে পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত অভিযুক্ত হৈ ৰঙাঘৰৰ ভাত খাব লগা হৈছিল শিবু। পৰৱৰ্তী সময়ত জামিনত মুকলি হৈ পুনৰ ড্ৰাগছৰ বেহা ৰমৰমীয়াকৈ চলাই গৈছিল। স্থানীয় ৰাইজ তথা গাওঁৰক্ষী বাহিনীয়ে এই সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষীক অভিযোগ দি আহিছিল যদিও আৰক্ষীৰ চকুত ধূলি দি বিষাক্ত ড্ৰাগছৰ অবৈধ বেহা অব্যাহত ৰাখিছিল যদিও আৰক্ষীৰ জালত পৰে কুখ্যাত ড্ৰাগছ সৰবাহকাৰীটো। মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ নৱপ্ৰজন্মক ধ্বংসৰ দিশলৈ ঠেলি দিয়া শিবুক কঠোৰ শাস্তীৰ দাবী তুলিছে ৰাইজে।
প্ৰেৰক মানস প্ৰতিম গগৈ