কার্বি আংলং জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়(O/o the Chief Judicial Magistrate, Karbi Anglong, Diphu)ত খালী হৈছেPeon (3) আৰু Chowkidar (1)ৰ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মুখ্য ন্যায়িক দণ্ডাধীশে এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি Peon আৰুChowkidar পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ অৱশ্যে নিযুক্তিৰ ক্ষেত্রতPlumbing, Electrician, Driving Skill থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদনৰ লগত ৩ কপি শেহতীয়া পাৰপত্র আকাৰৰ ফটো প্রেৰণ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবে কার্বি আংলং জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়ৰ ৱেবছাইটhttps://www.karbianglongjudiciary.gov.in ভিজিট কৰিব পাৰে৷ আগ্রহীসকলে যাৱতীয় নথিপত্র প্রত্যায়িত প্রতিলিপিসহ আবেদনৰ ঠিকন To The Chief Judicial Magistrate, Karbi Anglong, Diphu, Near Diphu Medical College, Diphu-782460লৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৭ জুন, ২০২৩৷