বিশেষ বাৰ্তা, ৮ জুনঃ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাংছালী কাছকটা প্ৰাথমিক বিদ্যালয়ত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ উক্ত অঞ্চলৰ ১৪গৰাকী কৃতী ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰে দহগৰাকী কাছকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী হোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ নথৈ আনন্দিত ৷ ২০০৪ চনত ৰাংছালী গাঁৱৰ একেবাৰে শেষ অংশত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এটা অতি পিছপৰা চুবুৰিত ভানু হাজৰিকাই ‘আমাৰ পঢ়াশালি’ শিক্ষানুষ্ঠানভাগ আৰম্ভ কৰিছিল আৰু পিছত ২০১২ চনত প্ৰাথমিক বিদ্যালয় ৰূপে স্বীকৃতি লাভ কৰে৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সেই চুবুৰিৰ পৰা ১৪গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰাটোৱে অঞ্চলবাসীক আনন্দিত কৰি কৰিছে ৷ আজি কাছকটা প্ৰাথমিক বিদ্যালয়ে সেইকেইগৰাকী প্ৰাৰ্থীক বিদ্যালয়লৈ আমন্ত্ৰণ কৰি অভিনন্দন জনায় আৰু প্ৰাৰ্থীকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ৷ প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ দাসৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানভাগত উপস্থিত থাকে সেই বিদ্যালয়ৰ পৰিচালানা সমিতিৰ সভাপতি তৰুণ দাস, সহঃ শিক্ষয়িত্ৰী ভানু হাজৰিকা, পৰিচালনা সমিতিৰ সদস্য-সদস্যা তথা অভিভাৱকসকল আৰু বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল ৷ প্ৰধান শিক্ষকগৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে এই অঞ্চলত বৰ্তমান এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে, ই সমাজৰ বাবে এক ইতিবাচক দিশ ৷ পিছৰ প্ৰজন্ময়ো এওঁলোকক অনুসৰণ কৰি এই ধাৰা অব্যাহত ৰাখিব বুলি তেওঁ আশা কৰে আৰু কাছকটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো নিশ্চয় ইয়াৰ দ্বাৰা উৎসাহিত হ’ব বুলি প্ৰধান শিক্ষকগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। এই অনুষ্ঠানতে যোৱা ৫ জুনত পৰিৱেশ দিৱস উদযাপন দিনটোত উক্ত অঞ্চলৰে চাৰিগৰাকীকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীক একোটিকৈ গছপুলিৰে অভিনন্দন জনোৱা হয় আৰু এনে সজ উদ্যোগ গ্ৰহণে ছাত্র-ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ বাবে স্থানীয় ৰাইজে প্ৰধান শিক্ষক সঞ্জীৱ দাসৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শলাগ লৈছে।
প্ৰেৰক অমিতাভ বৰুৱা