নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ কল্যাণপুৰত চাঞ্চল্যকৰ চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা, ৮ জুনঃ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ- কল্যাণপুৰ আঞ্চলিক হাফিজীয়া মাদ্ৰাছাৰ দান বাকচৰ তলা ভাঙি চোৰে নিলে ৰাইজৰ দান-বৰঙণিৰ ধন। ইয়াৰ পূৰ্বেও দান বাকচৰ তলা ভাঙি কেইবাবাৰো চোৰে অনুৰূপ তাণ্ডৱ চলোৱাৰ উল্লেখ কৰে | নিশা তলা ভাঙি চোৰে নিয়ে বাকচৰ ভিতৰৰ জমাধন। নায়টৰ কল্যাণপুৰ আঞ্চলিক হাফিজীয়া মাদ্ৰাছাত দীৰ্ঘদিনৰ পৰা চোৰে অব্যাহত ৰাখিছে এনে লুটপাত। বিবুধিত পৰিছে অঞ্চলবাসী। মুঠতে ৰাইজৰ দান বাকচ চোৰৰ বাবে যেন এটিএম মেচিনহে ! নিশাৰ আন্ধাৰত চোৰে এই তাণ্ডৱ চলায়। চোৰৰ এতিয়া ধৰ্মীয় প্ৰতিষ্ঠানৰ দান বাকচতহে চকু। কল্যাণপুৰ বজাৰস্থ নায়টৰ কল্যাণপুৰ আঞ্চলিক হাফিজীয়া মাদ্ৰাছাৰ দান বাকচত চোৰৰ শেনচকু। শীঘ্ৰে আৰক্ষী প্ৰশাসনক এই চোৰ চক্ৰটোক উৎখাত কৰাৰ বাবে দাবী জনাইছে অঞ্চলবাসী ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like