নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক কুমুদ তালুকদাৰলৈ ৰমেশ চন্দ্র নাথ সোঁৱৰণী সাংবাদিক বঁটা

📌নর্থ গুৱাহাটী জার্নেলিষ্ট ফ’ৰামৰ সাংবাদিক বঁটা ঘোষণা

নিয়মীয়া বার্তা, ৮ জুনঃ উত্তৰ গুৱাহাটী অঞ্চলৰ আগশাৰীৰ সাংবাদিক সংগঠন নর্থ গুৱাহাটী জার্নেলিষ্ট ফ’ৰামে সাংবাদিকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে অসমৰ সংবাদ জগতলৈ বিশেষ অৰিহণা যোগাই অহা এগৰাকী বিশিষ্ট সাংবাদিকক বিগত বাৰ বছৰে উত্তৰ গুৱাহাটীৰ বিশিষ্ট চিত্রশিল্পী ৰমেশ চন্দ্র নাথ সোঁৱৰণী সাংবাদিক বঁটা, বিগত দহ বছৰে বৈদ্যুতিন মাধ্যমৰ এগৰাকী সাংবাদিকক নাট্যকর্মী জগত চন্দ্র গগৈ সোঁৱৰণী বঁটা আৰু এগৰাকী ৰাজ্যৰ গ্রাম্য সাংবাদিকক বিগত দুবছৰে সমাজকর্মী ভুবন চন্দ্র দত্ত সোঁৱৰণী গ্রাম্য সাংবাদিক বঁটা প্রদান কৰি আহিছে ৷ ২০২৩ বর্ষৰ বাবে বিশিষ্ট চিত্রশিল্পী ৰমেশ চন্দ্র নাথ সোঁৱৰণী সাংবাদিক বঁটা জ্যেষ্ঠ সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ উপ–সম্পাদক কুমুদ তালুকদাৰক আৰু বিশিষ্ট নাট্যকর্মী জগত চন্দ্র গগৈ সোঁৱৰণী বঁটা ND 24ৰ বার্তা সম্পাদক দীপক গগৈক আৰু সমাজকর্মী ভুবন চন্দ্র দত্ত সোঁৱৰণী গ্রাম্য সাংবাদিক বঁটা ‘দৈনিক অসম’ কাকতৰ বাইহাটা চাৰিআলিৰ সাংবাদিক ধীৰাজ শর্মালৈ আগবঢ়োৱা হৈছে ৷ অহা জুলাইত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বঁটাসমূহ প্রদান কৰা হ’ব বুলি ফ’ৰামৰ সভাপতি ৰঞ্জন দত্ত, কার্যকৰী সভাপতি ৰাজকমল চাংকাকতি আৰু সম্পাদক কৌশিক দাস, সাংগঠনিক সম্পাদক উৎপল ৰঞ্জন মেধি আৰু সহঃ সম্পাদক নিতুপম মেধিয়ে এক বিবৃতিযোগে জনাইছে৷

You might also like