কেন্সাৰ ৰোগীৰ বাবে ভাল খবৰ! ইজৰাইলত ৯০ শতাংশৰ সুফল লাভ
বিশেষ বাৰ্তা, ১০ জুনঃ ইজৰাইলৰ জেৰুজালেমত অৱস্থিত হাদাছা ইউনিভাৰ্ছিটী মেডিকেল চেণ্টাৰৰ চিকিৎসা বিশেষজ্ঞসকলে ঘোষণা কৰিছে যে তেওঁলোকে কৰ্কট ৰোগৰ চিকিৎসাত ৯০ শতাংশ সফলতা লাভ কৰিছে। চিকিৎসা বিশেষজ্ঞসকলে মাল্টিপল মাইল’মা নামৰ কেন্সাৰ চিকিৎসাত সফলতা লাভ কৰিছে। চিকিৎসা বিশেষজ্ঞসকলে বিশ্বাস কৰিছিল যে মাল্টিপল মাইল’মা ৰোগ তেজৰ কৰ্কট ৰোগৰ দশম অংশ। এই ৰোগ নিৰাময় কৰিব নোৱাৰি বুলি গণ্য কৰা হয়। মাল্টিপল মাইল’মা ৰোগৰ চিকিৎসাত সফলতা লাভ কৰাৰ পিছত বিশেষজ্ঞসকলৰ মতে ই কেন্সাৰ ৰোগীৰ চিকিৎসাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। হাদাছা ইউনিভাৰ্ছিটী মেডিকেল চেণ্টাৰৰ বিভাগীয় মুৰব্বী অধ্যাপক ড০ পলিনা ষ্টেপানস্কিয়ে কয় যে ই কেন্সাৰ ৰোগীক বচাবলৈ সহায়ক হ’ব আৰু ইয়াৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত গুণগত মান আহিব। পলিনা ষ্টেপানস্কিয়ে কয় যে চাইমেৰিক এন্টিজেন ৰিচেপ্টৰ টি-চেল (CAR-T) থেৰাপী ব্যৱহাৰ কৰিলে কেন্সাৰ নিৰ্মূলত বহু ভাল ফলাফল পোৱা গৈছে। ইয়াৰ ফলত ৰোগীয়ে আৰু বহু বছৰ জীয়াই থকাৰ সুযোগ পায় আৰু জীৱনৰ মান অটুট থাকে। কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এই অগ্ৰগতি লাভ কৰাৰ পিছত মুখ্য গৱেষকগৰাকীয়ে প্ৰকাশ কৰে যে বহু ইজৰাইলী আৰু আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগীয়ে প্ৰতিষ্ঠিত জেৰুজালেম মেডিকেল চেণ্টাৰত চিকিৎসা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত কথা পাতি অধ্যাপক ড০ পলিনা ষ্টেপানস্কিয়ে কয়- বৰ্তমান আমাৰ হাতত ইজৰাইল আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ২০০ৰো অধিক অপেক্ষাৰত ৰোগীৰ তালিকা আছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ মাহত জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ ইজৰাইলী গৱেষকৰ এটা দলে পেনক্ৰিয়াছৰ কৰ্কট ৰোগ নিৰাময়ৰ উপায় আৱিষ্কাৰ কৰিছিল। উল্লেখ্য যে ৱৰ্ল্ড কেন্সাৰ ৰিছাৰ্চ ফাণ্ড ইণ্টাৰনেচনেলৰ প্ৰতিবেদন অনুসৰি, বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা ১ কোটি ৮১ লাখ। ইয়াৰে পুৰুষৰ সংখ্যা ৯৩ লাখ আৰু মহিলাৰ সংখ্যা ৮৮ লাখ।