নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমাণু অস্ত্রৰ বিভীষিকা

ৰাষ্ট্রসংঘই পৰমাণু যুদ্ধক কেতিয়াও সমর্থন নকৰে৷ তেনেদৰে বিশ্বৰ দেশসমূহেও যুদ্ধত পৰমাণু অস্ত্র প্রয়োগৰ বিৰোধিতা কৰে৷ তথাপিতো আধুনিক বিশ্বত দেশসমূহে নিজৰ আধিপাত্য বিস্তাৰৰ বাবেই পৰমাণু যুদ্ধৰ আশংকা চলিয়েই আছে৷ ২০২১ চনত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রধান স্থায়ী সদস্য আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, চীন, ইংলেণ্ড আৰু ফ্রান্সে পৰমাণু যুদ্ধৰ বিৰোধিতা কৰি যুদ্ধত পৰমাণু অস্ত্র ব্যৱহাৰ নকৰাৰ সহমতত উপনীত হয়৷ কিন্তু ২০২২ চনৰ ২৪ ফেব্রুৱাৰীত ইউক্রেইনৰ ওপৰত ৰাছিয়াই সামৰিক অভিযান অর্থাৎ যুদ্ধ আৰম্ভ কৰাৰ পিছতেই পৰমাণু যুদ্ধৰ প্রাসংগিকতা চর্চাৰ মাজলৈ আহে৷ পশ্চিমীয়া দেশে ইউক্রেইনক প্রত্যক্ষভাৱে সহযোগিতা আগবঢ়ালে ৰাছিয়াই পৰমাণু যুদ্ধৰ ভাবুকি প্রদান কৰাটোও পৰিলক্ষিত হৈছে৷ অর্থাৎ পৰমাণু যুদ্ধৰ বিৰোধিতা বিশ্বৰ দেশসমূহে কৰি আহিলেও পৰমাণু যুদ্ধৰ আশংকাক একাষৰীয়া কৰিব নোৱাৰি৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত শান্তি ৰক্ষাৰ বাবে ৰাষ্ট্রসংঘৰ গঠন হয় আৰু এই ৰাষ্ট্রসংঘৰ দ্বাৰাই বিশ্বৰ দেশসমূহৰ মাজত ঐক্য–শান্তি বর্তাই ৰখাৰ লগতে পৰমাণু যুদ্ধৰ বিৰোধিতা কৰা হয়৷ ইউক্রেইনৰ বিৰুদ্ধে বছৰ পাৰ হোৱাৰ পিছতো আক্ষৰিক অর্থত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এনে কাৰণত ৰাছিয়াই পৰমাণু অস্ত্র ব্যৱহাৰ কৰাৰ ইংগিত বিশেষজ্ঞসকলে প্রকাশ কৰি আহিছে৷ তাৎপর্যপূর্ণ যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আমেৰিকা যুক্তৰাষ্ট্র নেতৃত্বাধীন সন্মিলিত পৰমাণু বোমা পেলাই যি নৰসংহাৰ চলাইছিল, তাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি মানৱ জাতিৰ কল্যাণৰ বাবে পৰমাণু বোমা কেতিয়াও কোনো দেশে কাৰো ওপৰত নিক্ষেপ কৰাৰ পৰা নিজকে আঁতৰাই ৰখাৰ অংগীকাৰবদ্ধ হয়৷ হিৰোছিমা আৰু নাগাছাকিয়ে পৰমাণু বোমাৰ ভয়ৱহতাক যুগ যুগ ধৰি শিহৰিত কৰি আহিছে৷ পৰমাণু বোমাৰ ধ্বংসলীলা ভয়াৱহ বুলি জানিও বিশ্বৰ দেশসমূহে পৰমাণু অস্ত্র নির্মাণত কিয় ব্যস্ত হৈ আছে, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ বিশ্বৰ শক্তিশালী দেশসমূহে পৰমাণু অস্ত্র বৃহৎ পৰিমাণে নির্মাণ কৰাৰ লগতে উন্নয়নশীল দেশেও পৰমাণু অস্ত্র নির্মাণত গুৰুত্ব দি আহিছে৷ পৰমাণু অস্ত্র নির্মাণ হৈ থকা প্রক্রিয়াটোৱে পৰমাণু অস্ত্রৰ বিভীষিকাই বিশ্ববাসীক শংকিত কৰি ৰাখিছে৷
পৰমাণু অস্ত্র ব্যৱহাৰ নকৰাৰ বাবে বিশ্বৰ দেশসমূহে অংগীকাৰবদ্ধ হোৱাৰ পিছতো দ্রুতগতিত বিশ্বৰ দেশে দেশে পৰমাণু অস্ত্র নির্মাণ হৈ আছে৷ পৰমাণু অস্ত্র নির্মাণৰ ক্ষেত্রত কোন দেশ আগবাঢ়ি আছে, তাক লৈও চর্চা চলিছে৷ ‘দ্য গার্ডিয়ান’ত প্রকাশ পোৱা তথ্য মতে, বিশ্বত সম্প্রতি ১২,৫১২টা পৰমাণু অস্ত্র আছে৷ ইয়াৰে ভিতৰত ৯,৫৭৬টা ব্যৱহাৰৰ উপযুক্ত হৈ আছে৷ যিকোনো মুহূর্ততে এই অস্ত্রসমূহ সামৰিক বাহিনীয়ে প্রয়োগ কৰিব পৰা অৱস্থাত সাজু হৈ আছে৷ ‘দ্য ষ্টকহ’ম ইণ্টাৰনেচনেল পিচ ৰিছার্চ ইন ইনষ্টিটিউট’ চমুকৈ এছআইপিআৰআইৰ তথ্য মতে, বিশ্বত মজুত হৈ থকা ১২ হাজাৰৰ অধিক পৰমাণু অস্ত্রৰ ভিতৰত ৩,৮৪৪টা অস্ত্র মিছাইল কিম্বা বিমানৰ জৰিয়তে নিক্ষেপ কৰিব পাৰি৷ এই অস্ত্রৰ ভিতৰত ৮৬টা একেবাৰে নতুন৷ সাম্প্রতিক সময়ত উন্নত প্রযুক্তি ব্যৱহাৰ কৰি এই ৮৬টা নতুন পৰমাণু অস্ত্র নির্মাণ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ৮৬টা নতুন পৰমাণু অস্ত্রৰ ভিতৰত চীনৰ হাতত মজুত আছে ৬০টা৷ অর্থাৎ নতুন পাৰমাণৱিক অস্ত্রৰ ভিতৰত সবাতোকৈ শক্তিশালী হিচাপে চীনে নিজৰ স্থান দখল কৰিছে৷ নতুন অস্ত্রৰ ভিতৰত ৰাছিয়াৰ হাতত ১২টা, পাকিস্তানৰ হাতত ৫টা, উত্তৰ কোৰিয়াৰ হাতত ৫টা আৰু ভাৰতৰ চাৰিটা আছে৷ ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰিসংখ্যা অনুসৰি, বিশ্বৰ পৰমাণু অস্ত্র অধিক থকা দেশৰ ভিতৰত ৰাছিয়া শীর্ষত আছে৷ ৰাছিয়াৰ পৰমাণু অস্ত্রৰ ভাণ্ডাৰ সবাতোকৈ বেছি৷ বর্তমান ৰাছিয়াৰ হাতত আছে ৪,৪৮৯টা যুদ্ধত ব্যৱহাৰ কৰিব পৰা পৰমাণু অস্ত্র৷ ৰাছিয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত আছে ৩,৭০৮টা পৰমাণু অস্ত্র৷ তথ্য মতে, বিশ্বৰ পৰমাণু অস্ত্র ভাণ্ডাৰৰ ৯০ শতাংশই আছে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত৷ বিশ্বৰ তৃতীয় বৃহত্তম পৰমাণু অস্ত্র শক্তিধৰ দেশ হৈছে চীন৷ চীনৰ হাতত মজুত আছে ৪১০টা পৰমাণু অস্ত্র৷ যোৱা জানুৱাৰী মাহত চীনৰ হাতত আছিল ৩৫০টা পৰমাণু অস্ত্র৷ এবছৰৰ ভিতৰতেই দেশখনৰ পৰমাণু অস্ত্র ৪১০টালৈ বৃদ্ধি পাইছে৷ ফ্রান্স আৰু গ্রেট ব্রিটেইনৰ হাতত আছে ক্রমে ২৯০ আৰু ২২৫টা পৰমাণু অস্ত্র৷ শেহতীয়া তথ্য মতে, ব্রিটেইনৰ পৰমাণু অস্ত্রৰ পৰিমাণ ২২৫ৰ পৰা ২৬০লৈ বৃদ্ধি হৈছে৷ বিশ্বৰ ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি দেশসমূহৰ মাজত থকা অস্ত্রৰ ভাণ্ডাৰ প্রত্যেকখন দেশেই গোপন কৰি ৰাখিছে৷ অর্থাৎ বিশ্বৰ দেশসমূহৰ মাজত থকা পৰমাণু অস্ত্রৰ সংখ্যা বর্ধিত হ’ব পাৰে৷ ইপিনে, দুই চিৰবৈৰী ৰাষ্ট্র ভাৰত–পাকিস্তানৰ মাজত সামৰিক শক্তি বৃদ্ধিৰ প্রতিদ্বন্দ্বিতা হৈ থকাৰ বাবে পৰমাণু অস্ত্র বৃদ্ধিৰ প্রতিও গুৰুত্ব দিয়া হৈছে৷ পাকিস্তানৰ হাতত ১৭০টা পৰমাণু অস্ত্র আছে৷ আনপিনে, ভাৰতৰ হাতত আছে ১৬৪টা৷ তাৎপর্যপূর্ণভাৱে ভাৰতৰ তুলনাত পাকিস্তানৰ পৰমাণু অস্ত্র বেছি৷ বিশ্বৰ পৰমাণু অস্ত্র থকা দেশৰ তালিকাত ভাৰতৰ স্থান সপ্তম৷ ইজৰাইলৰ হাতত ৯০টা আৰু উত্তৰ কোৰিয়াৰ হাতত ৩০টা পৰমাণু অস্ত্র আছে৷ এছআইপিআৰআয়ে প্রকাশ কৰা মতে, সংশ্লিষ্ট দেশসমূহৰ তথ্যৰ আধাৰত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ প্রকাশ কৰা হৈছে যদিও এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ আনপিনে, ২০৩৫ চনৰ ভিতৰত চীনে অস্ত্র ভাণ্ডাৰ বৃদ্ধি কৰি ১,৫০০লৈ বর্ধিত কৰিব৷ চীনে দেশখনৰ ভূগর্ভত পৰমাণু অস্ত্র নির্মাণ কৰা আৰম্ভ কৰিছে৷ বিশ্বৰ দেশসমূহৰ মাজত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ প্রৱণতা বিশ্বৰ মানৱ জাতিৰ বাবে শুভ লক্ষণ নহয়৷ কিয়নো মানৱ জাতিয়ে কেতিয়াও নিবিচাৰে পৰমাণু অস্ত্রৰে জাপানৰ হিৰোছিমা, নাগাছাকিৰ দৰে ধ্বংসলীলা৷ বিশ্ব শান্তিৰ বাবে দেশসমূহে পৰমাণু অস্ত্র নির্মাণৰ পৰা আঁতৰি অহা উচিত৷

You might also like