নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা অ’ভাৰত ডাবল হেটট্রিক অলিভাৰৰ

বিশেষ বাৰ্তা, ১৭ জুনঃ ক্রিকেটত এজন বলাৰৰ হেটট্রিক অর্জন কৰাটো সঁচাকৈয়ে এক বিৰল পৰিঘটনা৷ কিন্তু যেতিয়া এগৰাকী খেলুৱৈয়ে ডাবল হেটট্রিক অর্জন কৰিবলৈ সক্ষম হয়, তেতিয়া এই কৃতিত্ব আৰু অধিক অসাধাৰণ হৈ পৰে৷ দক্ষতা আৰু নিখুঁততাৰ এক উল্লেখযোগ্য প্রদর্শনেৰে ১২ বছৰীয়া অলিভাৰ হোৱাইটহাউছে এটা অ’ভাৰত ডাবল হেটট্রিক অর্জন কৰি বিশ্ব ক্রিকেটত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চলিত মাহৰ আৰম্ভণিতে কুকহিলৰ বিপক্ষে খেলা মেচখনত ব্র’মছগ্র’ভ ক্রিকেট ক্লাবক প্রতিনিধিত্ব কৰি অলিভাৰে এই কৃতিত্ব অর্জন কৰে৷ অলিভাৰে এটা অ’ভাৰত ছটাকৈ উইকেট দখল কৰি ডাবল হেটট্রিক অর্জন কৰাই নহয়, এক চমকো সৃষ্টি কৰে৷ অৱশ্যে তেওঁৰ এই ব্যতিক্রমী প্রদর্শন ইয়াতেই স্তব্ধ হোৱা নাছিল৷ দুটা অ’ভাৰ বলিং কৰি বিপক্ষৰ বেটাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰি এটাও ৰান খৰচ নকৰাকৈ মুঠ ৮টা উইকেট দখল কৰে চাঞ্চল্যকৰ বলাৰগৰাকীয়ে৷ ব্র’মছগ্র’ভ ক্রিকেট ক্লাবৰ প্রথমগৰাকী অধিনায়ক জেদেন লেভিটে সংবাদ প্রতিষ্ঠানৰ আগত কয় যে অলিভাৰে যি অসাধাৰণ প্রতিভা দাঙি ধৰিছে, তাক মই বিশ্বাস কৰিব পৰা নাছিলোঁ৷ এটা অ’ভাৰত ডাবল হেটট্রিক লাভ কৰাটো সঁচাকৈয়ে আচৰিত কথা৷ ই এক আচৰিত প্রচেষ্টা আৰু মই ভাবোঁ যে তেওঁ ডাঙৰ নোহোৱালৈকে হয়তো ইয়াৰ তাৎপর্য উপলব্ধি নকৰিব৷ ইপিনে নিজৰ এই কৃতিত্বক বিশ্বাস কৰিব নোৱাৰা বুলি অভিহিত কৰা অলিভাৰে নিজৰ বীৰত্বৰ বিষয়ে টুইটাৰত লিখা এটা পোষ্টে ৪৫ হাজাৰ ভিউৱার্ছ লাভ কৰি ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like