‘আদিপুৰুষ’- ভাৰতীয় ছবি নিষিদ্ধৰ হুংকাৰ নেপালৰ
বিশেষ বাৰ্তা, ১৯ জুনঃ যি দেশৰ শালগ্রাম শিলা ভাৰতলৈ লৈ আহি অয্যোধাৰ ৰামমন্দিৰৰ মূর্তি নির্মাণ কৰা হয়, সেই হিমালয়ান দেশ নেপালৰ ভূমিকন্যাৰ জন্মসূত্রৰ ইতিহাসকেই ভাৰতীয় চলচ্চিত্রত বিকৃত কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ কোনো কাৰণতে ‘আদিপুৰুষ’ ছবিখনৰ বিতর্কিত সংলাপক হজম কৰিব পৰা নাই নেপাল প্রশাসনে৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াতো এই বিষয়টোক লৈ সৃষ্টি হৈছে আলোড়ন৷ সমস্যাৰ সূত্রপাত ‘আদিপুৰুষ’ৰ এক সংলাপক লৈ৷ য’ত দাবী কৰা হৈছে– ‘সীতা ভাৰতৰ কন্যা’৷ এই শ্লোগানক লৈ সৃষ্টি হৈছে বিতর্ক৷ ইতিমধ্যে নেপাল প্রশাসনৰ তৰফৰ পৰা ইয়াৰ প্রতিবাদ কৰা হৈছে৷ কাঠমাণ্ডুৰ মেয়ৰ বালেন্দ্র শ্বাহে উল্লেখ কৰিছে যে তিনি দিনৰ ভিতৰত এই সংলাপ সলনি নকৰিলে সকলো ভাৰতীয় ছবি নেপালত নিষিদ্ধ কৰা হ’ব৷