নিয়মীয়া বাৰ্তা,২২ জুনঃ পাহাৰীয়া খৰস্ৰোতা নৈৰ বাঢ়নী পানীৰ কবলত পৰি গহপুুুৰৰ জনজীৱন বিঘ্নিত হৈ পৰিছে। বিশেষকৈ গহপুুুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ গাৰ্ডবান্ধ আজি পুৱাভাগত ভাঙি নিয়াৰ ফলত নগৰখন প্লাৱিত হৈ পৰে। উল্লেখ্য যে আজি নিশাৰ পৰা দিয়া মুষলধাৰ বৰষুণৰ ফলত গহপুৰ নগৰৰ চত্ৰং, কুকুৰজান নৈকে ধৰি মহকুমাটোৰ নৈ-জান-জুৰি পানীৰে উপচি পৰাৰ লগতে কাষৰীয়া বহু ঠাইত বুৰাই পেলায়। বিশেষকৈ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং আৰু কুকুৰজান নৈ ফেনেফুটুকাৰে বাঢ়ি আহি গহপুৰ নগৰৰ মাজেৰেবৈ যোৱা কালিকা লগা নদী হিচাপে খ্যাত চত্ৰং নৈয়ে নদীখনৰ পূব প্ৰান্তৰ ৰে’লআলি সমীপৰ মাথাউৰিটো ভাঙি নগৰখনৰ মাজমজিয়া ট্ৰেফিক পইন্ট হস্পিতালত ৰোড প্লাবিত কৰি গহপুৰ নগৰ উন্নয়নৰ প্ৰকৃত ছবি ৰাইজৰ আগত দাঙি ধৰিছে। ইয়াৰ উপৰি নগৰখনৰ অতি ব্যস্ত ষ্টেচন-নয়া ঘগৰা চাহ বাগিচা সংযোগী পথটি পানীত সম্পূৰ্ন ডুব যোৱাৰ লগতে শংকৰদেৱ শিশু নিকেটন, ছোৱালী হাইস্কুল, গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গ’ল্ডষ্টন স্কুল, গহপুৰ মেডিকেল, মহকুমা ন্যায়াধীশ আদালত, মহকুমা কৃষি বিষয়া কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ লগতে উক্ত পথ সংযোগী সকলো চৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰে। পুৱা প্ৰায় ১০-৩০ মান বজাত গহপুৰ নগৰ প্ৰশাসনে মাইক যোগে পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ নগৰখনৰ ৩, ৪ আৰু ৯ নম্বৰ ৱাৰ্ডৰ ৰাইজৰ মাজত ৰেড এলাৰ্ট ঘোষণা কৰে। ইয়াৰ উপৰি নাওলৈ এন ডি আৰ এফ জোৱান গহপুৰ নগৰত সস্তম হৈ আছে। আনহাতে আজি গহপুৰ নগৰৰ মাজ মজিয়াত পানীত বুৰ যাব লগা হোৱাত সম্প্ৰতি গহপুৰ মহকুমা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক স্থানীয় দল-সংগঠন, ব্যৱসায়ী সকলে জগৰীয়া কৰি মাথাউৰি নিৰ্মাণৰ সময়ত ঠিকাদাৰৰ লগত বিষয়া-কৰ্মচাৰীৰ বৃহৎ অংকৰ বুজাবুজি কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যাৰ বাবে নিম্ন মানদণ্ডৰ কাম কৰাৰ ফল ৰাইজে ভুগিব লগাত পৰিছে বুলি অভিযোগ তুলিছে। চত্ৰং নৈৰ গাৰ্ডবান্ধ অসম্পূৰ্ণ হৈ ৰয়। ফলত বিগত বৰ্ষতে চত্ৰং নৈৰ চিঙা মথাউৰিৰ অংশৰে আজি বাঢ়নী পানী সোমাই গহপুৰ নগৰৰ চতিয়াচুক, মধ্য চত্ৰংৰ কুৰিৰো অধিক পৰিয়ালৰ ঘৰ-বাৰী, ৰাস্তা-ঘাট বুৰাই পেলায়। একেদৰে কুকুৰজান নৈয়ে নগৰখনৰ বিলতীয়া দলংৰ ওচৰত মথাউৰি চিঙাৰ ফলত বিলতীয়াৰ একাংশ ঠাই আৰু খুদ গহপুৰ মহকুমা প্ৰশাসন কাৰ্যালয়লৈ সোমাই যোৱা তিনিআলি সমীপবৰ্তী বহু কেইটা পৰিয়ালৰ ঘৰ-বাৰীত পানী সোমোৱাৰ লগতে পশুধনৰ বাবে খাদ্য সংকটত পৰিছে ভূক্তভোগী ৰাইজ। ইপিনে নিশা হোৱা প্ৰৱল বৰষুণৰ বাবে সোলেঙীগুৰি পঞ্চায়তৰ চেঙাই গাঁৱৰ খেতি পথাৰ ৰাস্তা-ঘাট ঘৰ-বাৰী পানীত বুৰ যায়। ইয়াৰ উপৰি মহকুমাটোৰ ভিন্ন স্থানত পাহাৰীয়া খৰস্ৰোতা নৈয়ে তাণ্ডৱ সৃষ্টি কৰিছে। বিশেষকৈ চেঁচা, ডুবিয়া, ককিলা, ব্ৰহ্মাজান আদিকে কৰি বিভিন্ন নৈয়ে জনসাধাৰণৰ জনজীৱন বিঘ্নিত কৰি তুলিছে। উল্লেখ্য যে, সম্প্ৰতি গহপুৰ সমষ্টিটোৰ বানত ক্ষতিগ্ৰস্ত সকলো অঞ্চল স্ব-জমিন তদন্ত কৰি সাহায্য প্ৰদান কৰাৰ লগতে পশুধনৰো খাদ্য যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমা প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া