বিস্ফোৰণেৰে দুঃসাহসিক অভিযান সামৰিলে ছাবমেৰিন টাইটানে
বিশেষ বাৰ্তা, ২৩ জুনঃ শতিকা পূর্বে বিধ্বস্ত হোৱা বিলাসী জাহাজ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ সন্ধানহীন হোৱা অ’ছেনগেটৰ দ্বাৰা পৰিচালিত টাইটান ছাবমেৰিনখন বিস্ফোৰণ হৈছিল ৷ টাইটান ছাবমেৰিনৰ সন্ধানত উত্তৰ আটলাণ্টিক মহাসাগৰত কেইবাখনো জাহাজে অভিযান চলাই থকাৰ সময়তে আমেৰিকাৰ নৌসেনাই ছাবমেৰিনখন বিস্ফোৰণ হোৱা বুলি প্রকাশ কৰিছে ৷ ইতিমধ্যে ছাবমেৰিনখনত যাত্রীৰ বাবে থকা অক্সিজেন শেষ হোৱাৰ পৰিণতিত আটাইকেইজন যাত্রীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে ৷ অ’ছেনগেটৰ দ্বাৰা পৰিচালিত টাইটান ছাবমেৰিনত যাত্রী হিচাপে আছিল পাকিস্তানৰ ব্যৱসায়ী ছাহজাদা ডাউদ (৪৮) আৰু তেওঁৰ পুত্র ছুলেমান ডাউদ (১৯), ব্রিটেইনৰ নাগৰিক হামিছ হার্ডিং (৫৮), প’ল হেন্ৰী নার্জি’লেট (৭৭) আৰু ষ্টকটন ৰাছ (৬১) ৷ টাইটানিকৰ ধ্বংসাৱেশষস্থলীলৈ অভিযান চলোৱা অ’ছেনগেটৰ টাইটান ছাবমেৰিনখনৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ এতিয়া বিশ্বজুৰি ব্যাপক চর্চা হৈছে ৷