নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীনগৰৰ লাল চ’কত ‘বলিদান স্তম্ভ’ৰ আধাৰশিলা শ্বাহৰ

বিশেষ বাৰ্তা, ২৪ জুনঃ জম্মু–কাশ্মীৰৰ ৰাজধানী শ্রীনগৰৰ লাল চ’কত এইবাৰ স্থাপন হ’ব ‘বলিদান স্তম্ভ’ ৷ আজি এই বলিদান স্তম্ভৰ আধাৰশিলা স্থাপন কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷ জম্মু–কাশ্মীৰত শান্তি বজাই ৰখাৰ বাবে যি বীৰ সেনা জোৱানসকলে প্রাণ দিছে, তেওঁলোকৰ স্মৃতিত এই সৌধ নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছে গৃহমন্ত্রীগৰাকীয়ে ৷ কাশ্মীৰৰ লাল চ’কত শ্বহীদ স্মৃতিসৌধ নির্মাণ হোৱাটো অতি তাৎপর্যপূর্ণ ৷ এই লাল চ’কত কেইবছৰমান পূর্বলৈকে বিচ্ছিন্নতাবাদীসকলৰ সবল সাংগঠনিক ভেটি আছিল ৷ আনকি প্রায় তিনি দশক ধৰি ভাৰতৰ ৰাষ্ট্রীয় পতাকা এই লাল চ’কত উত্তোলন কৰাটো সম্ভৱ হোৱা নাই ৷ দীর্ঘদিন বিৰতিৰ পাছত ২০২২ চনত প্রথম ৰাষ্ট্রীয় পতাকা উত্তোলন কৰা হয় লাল চ’কত ৷

You might also like