নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী মোদীৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ আমেৰিকাৰ প্ৰখ্যাত গায়িকা মেৰীৰ

বিশেষ বাৰ্তা, ২৪ জুনঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীক সন্মান জনোৱাৰ অৰ্থে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৱাশ্বিংটনৰ ৰ’নাল্ড ৰেগান বিল্ডিং এণ্ড ইণ্টাৰনেচনেল ট্ৰেড চেণ্টাৰত অনুষ্ঠিত এই অনুষ্ঠানত আমেৰিকাৰ গায়িকা মেৰী মিলবেনে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । আমেৰিকাৰ প্ৰখ্যাত গায়িকাগৰাকীয়ে ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ চৰণ চুই আশীৰ্বাদো গ্ৰহণ কৰে। মেৰীয়ে কয় যে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ নিজকে “সন্মানিত” অনুভৱ কৰিছে। অনুষ্ঠানৰ পিছত মেৰীয়ে কয়- ‘মই আমেৰিকাৰ চাৰিজন ৰাষ্ট্ৰপতিৰ বাবে ৰাষ্ট্ৰীয় সংগীত গাইছোঁ। তাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গাই গৌৰৱ অনুভৱ কৰিছোঁ।’ উল্লেখযোগ্য যে যোৱা মাহত পাপুয়া নিউগিনিৰ প্ৰধানমন্ত্ৰীয়েও মোদীৰ ভৰি চুই প্ৰণাম জনাইছিল।

You might also like