নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘলীপুখুৰী বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে- ধুবুৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ১ জুলাই : “আজি কিছুমান সংবাদ মাধ্যমত দীঘলীপুখুৰীক লৈ কিছু বিতৰ্ক মই দেখিছোঁ। যদিও মই ৰাজধানীৰ বাহিৰত আছোঁ, গতিকে ইয়াৰ পৰা খবৰ লৈ চালোঁ- দীঘলীপুখুৰীক লৈ এনে কোনো বিতৰ্ক কৰাৰ প্ৰয়োজন নাই। কোনো বাহিৰৰ কোম্পানীক দীঘলীপুখুৰী গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে।”- সম্প্ৰতি গুৱাহাটীৰ দীঘলীপুখুৰীৰ তত্ত্বাৱধানৰ কাম গুজৰাটৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়া সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাই আজি বিয়লি ধুবুৰীত সাংবাদিকৰ সন্মুখত এই কথা স্পষ্ট কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয় যে যিটো সাধাৰণ বিধি, সেই বিধি মতে নিবিদা আহ্বান কৰা হৈছিল আৰু যিহেতু নিবিদা আহ্বান কৰাৰ লগে লগে বিতৰ্কৰ কথা আহিছে, গতিকে পৰ্য্যটন মন্ত্ৰী হিচাপে অসমৰ ৰাইজক এয়া স্পষ্ট কৰি দিছোঁ যে দীঘলীপুখুৰীৰ সৈতে অসমৰ মানুহৰ আৱেগ-অনুভূতি জড়িত হৈ আছে, ইয়াক কাৰোবাক গতাই দিয়া- এই ধৰণৰ কথা হ’বই নোৱাৰে। তেওঁ আৰু কয় যে পৰ্য্যটন বিভাগে বিগত দিনবোৰত যি ধৰণে চলাই আহিছে, সেই ধৰণে চলাই থাকিব আৰু যদি কিবা উন্নয়নৰ কাম কৰিব লাগে, পৰ্য্যটন বিভাগে নিজেই উন্নয়নৰ কাম কৰিব। তাক লৈ বাহিৰৰ কোনো কোম্পানীয়ে আহি উন্নয়নৰ কাম কৰাৰ প্ৰয়োজন নাই। ৰাইজক আশ্বস্ত কৰি তেওঁ কয়- “সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত মই এই কথাবোৰ দেখি আছোঁ। সেই কাৰণে অসমৰ ৰাইজক মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে দীঘলীপুখুৰী কোনো বহিৰাগত, বাহিৰা কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে; গতাই দিয়াৰ কথা নাই। আৰু দীঘলীপুখুৰীৰ উন্নয়নৰ বাবে যদি কিবা কৰিব লাগে, পৰ্য্যটন বিভাগে নিজে কৰিব।”

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like