নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উভতি নহাৰ বাটেৰে অজান্তিমুলুকলৈ সুদক্ষিণা শৰ্মা

বিশেষ বাৰ্তা, ৩ জুলাইঃ সুদক্ষিণা শর্মা আৰু নাই৷ দীর্ঘদিন ধৰি অসুস্থ হৈ থকা সুদক্ষিণা শর্মাই আজি পুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ লগে লগে উভালি পৰিল অসমৰ সংগীত জগতৰ আন এজোপা বটবৃক্ষ৷ হেৰাই গ’ল অসমীয়া সংগীত জগতৰ আন এক সুৱদি কণ্ঠ৷ জ্যোতি আৰু ৰাভা সংগীতেৰে অসমবাসীক মোহাচ্ছন্ন কৰি ৰখা এইগৰাকী প্রবীণ শিল্পীৰ কণ্ঠত আৰু কাহানিও শুনিবলৈ নাপাব ‘নাহৰ ফুলে নুশুৱায়’ৰ দৰে কালজয়ী গীত৷ মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰে৷ ইয়াৰ পাছতে বহুসংখ্যক গুণমুগ্ধ আৰু পৰিয়ালৰ লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয়৷ জিএমচিএইচৰ পৰা এখন পুষ্পসজ্জিত বাহনেৰে তেওঁৰ নশ্বৰ দেহ দক্ষিণ শৰণীয়াস্থিত বাসগৃহলৈ লৈ অহা হয়৷ পুৱা ১০ বজাৰ পৰা বিয়লি প্রায় ২ বজালৈ বহুসংখ্যক বিশিষ্ট লোক, অসংখ্যক গুণমুগ্ধই বিশিষ্ট কণ্ঠশিল্পীগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতে পুনৰ বিয়লি ২ বজাত সুদক্ষিণা শর্মাৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ অহা হয়৷ যিহেতু ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে বিশিষ্ট শিল্পীগৰাকীয়ে তেওঁৰ দেহ দান কৰি গৈছে সেয়েহে আনুষ্ঠানিকভাৱে দেহদান কার্যসূচী হাস্পতাল চৌহদত সম্পন্ন কৰা হয়৷ দেহদান কার্যসূচীৰ পূর্বে ৰাজ্যিক মর্যাদাৰে বিশিষ্ট শিল্পীগৰাকীলৈ সন্মান প্রদর্শন কৰা হয়৷ এই অনুষ্ঠানৰ পাছত সাংস্কৃতিক মন্ত্রী বিমল বৰা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্য, ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়াকে ধৰি বহুসংখ্যক লোকৰ উপস্থিতিত সুদক্ষিণা শর্মাৰ দেহদান আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়৷ জিএমচিএইচ চৌহদতো তেওঁলৈ অজস্র গুণমুগ্ধই শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ উল্লেখ্য যে ১৯৩৪ চনৰ ৮ আগষ্টত গুৱাহাটীৰ ভৰলুমুখত জন্মগ্রহণ কৰিছিল সুদক্ষিণা শর্মাই৷ নীলকান্ত হাজৰিকা আৰু শান্তিপ্রিয়া হাজৰিকাৰ তেওঁ আছিল চতুর্থ সন্তান৷ তেজপুৰ মজলীয়া প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰা সুদক্ষিণা শর্মাই গুৱাহাটীৰ পাণবজাৰ ছোৱালী হাইস্কুলত পঞ্চম শ্রেণীত নামভর্তি কৰে৷ গুৱাহাটীৰ পাণবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত সন্দিকৈ কলেজত কলেজীয়া শিক্ষা গ্রহণ কৰে৷ ১৯৫৪ চনৰ ১২ আগষ্টত গণশিল্পী তথা বিশিষ্ট লেখক দিলীপ শর্মাৰ সৈতে বিবাহপাশত তেওঁ আবদ্ধ হয়৷ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ দৰে শিল্পীৰ পৰিয়ালত জন্মগ্রহণ কৰা সুদক্ষিণা শর্মাই সৰুৰে পৰাই লাভ কৰা সাংস্কৃতিক পৰিৱেশে তেওঁক গীতৰ ক্ষেত্রখনলৈ আকর্ষিত কৰিছিল৷ ১০ বছৰ বয়সতে বিষ্ণুপ্রসাদ ৰাভাৰ তত্ত্বাৱধানত চাৰিটা গীত বাণীবদ্ধ কৰে৷ কমল নাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত তেওঁ পৰিৱেশন কৰা বিষ্ণুপ্রসাদ ৰাভাৰ ‘নাহৰ ফুলে নুশুৱায়’ আৰু ‘বিশ্বৰ ছন্দে ছন্দে’ গীত দুটি ব্যাপক জনপ্রিয়তা লাভ কৰে৷ আজিও ‘নাহৰ ফুলে নুশুৱায়’ সুদক্ষিণা শর্মাই গোৱা অন্যতম জনপ্রিয় গীত হিচাপে পৰিচিত৷ ১৯৪৫ চনত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অসম প্রাদেশিক মহিলা সমিতিৰ অধিৱেশনত নেপথ্যৰ গায়িকা হিচাপে পুৰুষোত্তম দাসৰ ‘পদুমৰ পাহি ভাঙি পানচৈ যায়’ শীর্ষক গীতটি পৰিৱেশন কৰে৷ গুৱাহাটীৰ জুবিলি গার্ডেনত মহাত্মা গান্ধী অসমলৈ আহোতে ১৯৪৬ চনত তেওঁ ‘এ জয় ৰঘুৰ নন্দন’ শীর্ষক গীত পৰিৱেশন কৰিছিল৷ ভূপেন হাজৰিকাৰ সৈতে ১৯৪৭ চনত ভূপেন হাজৰিকাৰ সৈতে দ্বৈত কণ্ঠত ‘মহাত্মাই হাসি বোলে ৰাম অ ৰহিম একেলগে একেসংগে’ শীর্ষক গীতটো গ্রামোফোন ৰেকর্ডত বাণীবদ্ধ কৰে৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ সময়ত কলকাতাৰ ৰেডি’ৰ পৰা তেওঁ সুধাকণ্ঠৰ সৈতে ‘তেৰশ চৌৱন্নৰ মাঘৰে মাহৰে বিয়লি’ গীত পৰিৱেশন কৰে৷ গান্ধীৰ চিতাভস্ম অসমলৈ অনাৰ দিনা গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত জনসমুদ্রৰ সন্মুখত সেই গীতটো এককভাৱে পৰিৱেশন কৰে৷ ১৯৫০ চনত প্রবীণ ফুকনৰ ‘মণিৰাম দেৱান’, ‘পিয়লি ফুকন’, লক্ষ্যধৰ চৌধুৰীৰ ‘ৰক্ষ কুমাৰ’ আৰু সর্বেশ্বৰ চক্রৱর্তীৰ ‘বিষ্ণু শক্তি’ নাটকৰ ৰেকর্ডত কণ্ঠদান কৰাৰ লগতে সুদক্ষিণা শর্মাই অভিনয়ো কৰিছিল৷ গণনাট্য সংঘ আছিল তেওঁৰ অন্যতম পৰিচয়৷ স্বামী দিলীপ শর্মাৰ সৈতে গণনাট্য সংঘৰ মজিয়াৰ পৰা গীতেৰে কথাৰে অসমীয়া ৰাইজৰ সৈতে তেওঁ থিয় দি আহিছিল৷ গুৱাহাটীত অনুষ্ঠিত গণনাট্য সংঘৰ তৃতীয় অসম প্রাদেশিক সন্মিলনত দিলীপ শর্মাৰ সৈতে সুদক্ষিণা শর্মাই গাইছিল ‘আমি অসমীয়া নহও দুখীয়া’৷ জন্মজয়ন্তী কলাকেন্দ্রৰ জৰিয়তে ছাত্র–ছাত্রীসকলক আধুনিক গীত, ৰবীন্দ্র সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, আনন্দিৰাম দাস আদিৰ গীতৰ প্রশিক্ষণ প্রদান কৰিছিল৷ অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিশিষ্ট কণ্ঠশিল্পীগৰাকীক ২০০২ চনত সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল৷ তদুপৰি তেওঁ লি’ এক্সপ’, চাটক সন্মান আদিৰেও সন্মানিত হৈছিল৷ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্রান্তত সংগীত পৰিৱেশন কৰিও তেওঁ জনপ্রিয়তা অর্জন কৰিছিল৷ এই বিশাল প্রতিভাৰ অধিকাৰী সুদক্ষিণা শর্মাৰ বিয়োগে স্বাভাৱিকতে সমগ্র ৰাজ্যবাসীকে শোকস্তব্ধ কৰি তুলিছে৷ প্রায় দুমাহ পুত্র ঋষিৰাজ শর্মাৰ বিয়োগৰ পাছত অকলশৰীয়া হৈ পৰা সুদক্ষিণা শর্মা মানসিকভাৱে সম্পূর্ণৰূপে ভাগি পৰিছিল৷ যাৰ ফলশ্রুতিত তেওঁৰ স্বাস্থ্যৰো অধিক অৱনতি ঘটিছিল৷

You might also like