নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খনামুখত প্ৰাক্তন সাংসদ প্ৰয়াত মণি কুমাৰ চু্ব্বাৰ আবক্ষ মূৰ্তিৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ৪ জুলাই : শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ খনামুখৰ গোৰ্খা চ’কত প্ৰতিষ্ঠা কৰা হ’ব তেজপুৰৰ প্ৰাক্তন সাংসদ, গোৰ্খা নেতা প্ৰয়াত মণি কুমাৰ চুব্বাৰ আবক্ষ মূৰ্তি । এই উপলক্ষে আজি পুৱা খনামুখৰ গোৰ্খা চ’কৰ গোৰ্খা ভৱনত গোৰ্খা সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক অনুষ্ঠান । অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলা সভাপতি অনিল গৌতম, শিক্ষক ভূবন ছেত্ৰীয়ে আঁত ধৰা অনুষ্ঠানটোত গোৰ্খা উন্নয়ন পৰিষদ, অসম চৰকাৰৰ তৰফৰ পৰা গোৰ্খা ভৱন প্ৰাংগণত ন লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰাক্তন সাংসদ প্ৰয়াত মণি কুমাৰ চুব্বাৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে গোৰ্খা উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ, গোৰ্খা নেতা প্ৰেম তামাঙে । অনুষ্ঠানতেই বিধায়ক পুঁজিৰ দুই লাখ টকা ব্যয়সাপেক্ষে গোৰ্খা ভৱনৰ পকী বেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰঙাপৰাৰ যুৱ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । আধাৰশিলা স্থাপনৰ পিছত গোৰ্খা ভৱনত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । সভাত ভাষণ প্ৰসংগত প্ৰেম তামাঙে কয় যে গোৰ্খা উন্নয়ন পৰিষদে গোৰ্খা ৰাইজৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰি আহিছে । পৰিষদৰ পৃষ্ঠপোষকতাত আজি অসমৰ বিভিন্ন ঠাইত বিভিন্ন কাম-কাজ সম্পাদন কৰি অহাৰ লগতে গোৰ্খা জাতীয় বীৰ, গোৰ্খা নেতা, সমাজসেৱকসকলৰ মূৰ্তি নিৰ্দিষ্ট স্থানত নিৰ্মাণ কৰা হৈছে । গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জলপানিৰ ব্যৱস্থা কৰা হৈছে। পৰিষদে অসম অসামৰিক সেৱাৰ বাবে ছুপাৰ ২০ কাৰ্যসূচীও অব্যাহত ৰাখিছে । অনুষ্ঠানত বিধায়ক তাঁতীয়ে কয়- গোৰ্খা জনগোষ্ঠী অধ্যুষিত খনামুখ অঞ্চলৰ বিকাশ কৰিবৰ বাবে আমি চেষ্টা কৰি আহিছোঁ । গোৰ্খা ভৱনত এখন পকীবেৰ নিৰ্মাণ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী আছিল আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই বিধায়ক পুঁজিৰ পৰা পকীবেৰ নিৰ্মাণৰ বাবে দুই লাখ টকা আবন্টন দি এখন নিৰ্মাণ সমিতিও গঠন দিয়া হৈছে । আগতে ৰঙাপৰা সমষ্টিত উন্নয়ন স্থবিৰ আছিল । বৰ্তমান ৰাজ্য চৰকাৰৰ ব্যৱস্থাপনাত সকলো শ্ৰেণীৰ ৰাইজৰ সমানুপাতিক উন্নয়ন সম্ভৱ হৈছে । মই ৰাইজৰ প্ৰতিনিধি আৰু ৰাইজৰ স্বাৰ্থত সদায় ৰাইজৰ লগত থাকি কাম কৰি যাম । সমষ্টিৰ পৰা কিছুমান কাম সমষ্টিৰ বাহিৰত নিজৰ এলেকালৈ নিবলৈ এচামে ষড়য়ন্ত্ৰ কৰি আহিছে, এই ষড়য়ন্ত্ৰবোৰ আমি সকলোৱে মষিমূৰ কৰিব লাগিব। গোৰ্খা উন্নয়ন পৰিষদে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক পৰিমাণে জলপানিৰ ব্যৱস্থা কৰক, ৰঙাপৰা সমষ্টিৰ দুখীয়া শিক্ষাৰ্থীক মই নিজে ব্যক্তিগতভাৱে সহায় কৰি আহিছো । খনামুখ গোৰ্খা ভৱনত এটা পুথিভঁৰালৰ ব্যৱস্থা কৰি দিয়া হ’ব । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ ছেত্ৰী, সদস্য মতি নেৱাৰ, আগছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল ছেত্ৰী, জিলা আগছুৰ উপ-সভাপতি সুজিৎ থাপা, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মূল সচিব প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰ ব্লক মণ্ডল বিজেপিৰ সভাপতি ধ্ৰুৱ গগৈ, সম্পাদক চেৰেং তপ্ন , সমাজসেৱক মোহন উপাধ্যায়, সুৰেশ ছেত্ৰী, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিষ্ণু শাস্ত্ৰীৰ লগতে ভালেমান ৰাইজ, দলীয় কাৰ্যকৰ্তা, গোৰ্খা উন্নয়ন পৰিষদৰ সদস্যবৃন্দ, বৃহত্তৰ গোৰ্খা সমাজৰ বিষয়ববীয়া উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like