বিশেষ বাৰ্তা, ৪ জুলাইঃ ধিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ গৰুখুটি চাপৰিত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ভতিজাকক বচাবলৈ গৈ বৰদেউতাকসহ ভতিজা বুৰ গল ব্ৰহ্মপুত্ৰত। ফেনে-ফোটোকাৰে বাঢ়ি অহা নদীৰ কোবাল সোঁতে ভতিজা আৰু বৰদেউতাক দুয়োকে উটুৱাই নিয়ে। নিৰুদিষ্ট ভতিজাকৰ নাম আনচাৰুল ইছলাম আৰু বৰদেউতাকৰ নাম এলাহী বক্স। ঘটনাস্থলীত আৰক্ষী তথা এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে বৰদেউতাক এলাহী বক্সৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও আনচাৰুল ইছলামৰ বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই। ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত হাহাকাৰ লাগিছে।