নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত স্থাপন হ’ব অত্যাধুনিক ফুড পাৰ্কঃ ৰামেশ্বৰ তেলী

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ শীঘ্ৰে ডিব্ৰুগড়ত স্থাপন হ’ব ফুড পাৰ্ক। এই কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰস্তুত কৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেলীয়ে কয় যে খাদ্য প্ৰস্তুত কৰণ মন্ত্ৰালয়ে ডিব্ৰুগড়ত উদ্যোগ স্থাপন কৰাৰ বাবে সাজু হৈছে এয়া এক নিশ্চয় ভাল খবৰ আৰু এই উদ্যোগে যুৱ উদ্যোগীসকলক বিশেষভাৱে উপকৃত কৰিব।

           খাদ্য প্ৰস্তুত কৰণ মন্ত্ৰণালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ উদ্যমী যুৱক, বেংক বিষয়া,প্ৰতিষ্ঠিত উদ্যোগী, ক্ষুদ্ৰ উদ্যোগী সকলক লৈ অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বহু কেইজন উদ্যমী যুৱকে আগ্ৰহ প্ৰকাশ কৰে লগতে ইয়াৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় ভূমি আবণ্টন দিব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে।

You might also like