বিশেষ বাৰ্তা, ৫ জুলাইঃ আন এক সুখবৰ কঢ়িয়াই আনিলে ৰাজ্য চৰকাৰে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্রী আৰু ৭৫ শতাংশতকৈ বেছি নম্বৰ পোৱা ছাত্রক স্কুটী প্রদানৰো সিদ্ধান্ত লয়৷ উল্লেখ্য যে ছাত্ৰীক স্কুটী দিয়া ধাৰা অব্যাহত ৰখা চৰকাৰে এই ছাত্ৰকো স্কুটী প্ৰদানৰ বাবে লোৱা সিদ্ধান্তক লৈ উল্লসিত শিক্ষাৰ্থী।