নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণোদয় আঁচনিৰ সাত লাখ হিতাধিকাৰী বৃ্দ্ধিৰ সিদ্ধান্ত

বিশেষ বাৰ্তা, ৫ জুলাইঃ মহিলাসকলৰ বাবে সুখবৰ। অৰুণোদয় আঁচনিৰ সীমা বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এক আশাৰ সঞ্চাৰ কৰিছে ৰাজ্যৰ মহিলা সমাজৰ মাজত। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৭ লাখ অতিৰিক্ত হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লয়৷ এই হিতাধিকাৰীসকলে চলিত বর্ষৰ ১০ ছেপ্টেম্বৰৰ পৰা প্রতিমাহে ১২৫০ টকাকৈ লাভ কৰিব৷

You might also like