বিশেষ বাৰ্তা, ৫ জুলাইঃ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ কঢ়িাই আনিছে ৰাজ্যিক কেবিনেটে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে অসমত ২০২৫ বা ২০২৭ বর্ষত ৰাষ্ট্রীয় ক্রীড়া আয়োজনৰ অনুমতি দিবলৈ ভাৰতীয় অলিম্পিক সন্থালৈ প্রস্তাৱ প্রেৰণৰ অনুমোদন জনায়৷ কেবিনেট বৈঠকে পিচপৰা সম্প্রদায়ৰ ন্যায়সংগত প্রতিনিধিত্ব নিশ্চিতকৰণৰ ক্ষেত্রতো আজি গ্রহণ কৰে এক বিশেষ সিদ্ধান্ত৷ সেই অনুসৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পেছাদাৰী পাঠ্যক্রমত অ’বিচি, এম’বিচিৰ আসন সংৰক্ষণ ১৫শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি কৰা হয়৷ ইয়াৰ পৰিপ্রেক্ষিতত ২০২৩–২৪ শিক্ষা বর্ষৰ পৰা চাহ জনজাতি, মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্রদায়ৰ আসনৰ সংৰক্ষণো বৃদ্ধি পাব৷ সেই অনুসৰি চাহ বাগিচা সম্প্রদায়ৰ ৮খন, মৰাণৰ ৩খন, মটকৰ ৩খন, কোচ ৰাজবংশীৰ ৬খন, টাই আহোমৰ ৪খন আৰু চুতীয়াৰ ৪খন আসন সংৰক্ষিত হ’ব৷ আজিৰ বৈঠকত ২৪খন চৰকাৰী জিএনএম প্রশিক্ষণ বিদ্যালয়, ১৮খন এএনএম প্রশিক্ষণ বিদ্যালয় আৰু ৩খন বিএছচি নার্ছিং স্কুলত বিএছচি, জিএনএম, এএনএম প্রশিক্ষণ পাঠ্যক্রমত ২৭শতাংশ অ’বিচি, এম’বিচিৰ আসন সংৰক্ষিত হ’ব৷ ইয়াৰ ফলত ছয় জনগোষ্ঠীৰ সংৰক্ষিত আসনো বৃদ্ধি হ’ব৷ কেবিনেট বৈঠকে আজি খাদ্য সুৰক্ষা নীতিৰ ক্ষেত্রতো গ্রহণ কৰে এক সিদ্ধান্ত৷ বৈঠকে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সংশোধিত অসম খাদ্য সুৰক্ষা বিধি ২০২২ৰ খচৰাত অনুমোদন জনায়৷ প্রস্তাৱিত সংশোধনী ৰাজ্যৰ এনএফএছএ ২০১৩ৰ অধীনত অধিক যোগ্য পৰিয়ালে নতুন ৰেচন কার্ডৰ বাবে আৱেদন কৰিবলৈ সক্ষম হোৱাৰ লক্ষ্যৰে বর্তমানৰ ২.৫ লাখৰ পৰা বার্ষিক উপার্জন ৪লাখলৈ বৃদ্ধি কৰা হৈছে৷ কেবিনেটে আজি অসম ক্ষুদ্র, লঘূ আৰু মজলীয়া উদ্যোগ (প্রতিষ্ঠা আৰু পৰিচালনাৰ সুবিধা) বিধি ২০২৩ত অনুমোদন জনায়৷ প্রস্তাৱিত বিধিয়ে ক্ষুদ্র, লঘূ আৰু মজলীয়া উদ্যোগসমূহক ৰাজ্যত প্রতিষ্ঠা আৰু পৰিচালনাৰ ক্ষেত্রত প্রয়োজনীয় কিছুমান অনুমোদন আৰু পৰিদর্শনৰ পৰা তিনি বছৰলৈ ৰেহাই প্রদান কৰিব৷ অসমত এনে উগ্যোগে এতিয়া ডিকলাৰেচন অৱ ইনটেন দাখিল কৰি ৰাজ্যিক ন’ডেল সংস্থাৰ পৰা স্বীকৃতিৰ প্রমাণপত্র লাভ কৰাৰ পাছত কাম আৰম্ভ কৰিব পাৰিব৷ আজিৰ কেবিনেট বৈঠকে বিদ্যালয় পৰিচালনাৰ ব্যৱস্থাপনাৰ ওপৰতো গ্রহণ কৰিলে এক সিদ্ধান্ত৷ বৈঠকে ২০১৭ চনৰ সংশোধনীৰ ভিত্তিত শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ ২০১১ৰ আৰটিই আইন ২০০৯ অনুসৰি বিদ্যালয় ব্যৱস্থাপনী সমিতিৰ বিকল্প সদস্যৰ ক্ষেত্রত অনুমোদন জনায়৷ সেই অনুসৰি বিদ্যালয় ব্যৱস্থাপনা সমিতিত ষষ্ঠ অনুসূচীৰ এলেকাৰ ক্ষেত্রত পঞ্চায়তীৰাজ প্রতিষ্ঠান, গ্রাম্য পৰিষদ উন্নয়ন সমিতিৰ পৰা এজন সদস্য আৰু বিদ্যালয়খন অৱস্থিত এলেকাৰ পৰা এগৰাকী নগৰস্থানীয় লোকক সদস্য হিচাপে নির্বাচিত কৰা হ’ব৷ সমিতিত বিদ্যালয়ৰ শিক্ষকসকলৰ মাজৰ পৰাও এগৰাকী সদস্য হিচাপে নির্বাচিত কৰা হ’ব৷ তদুপৰি বিদ্যালয়ৰ প্রাক্তন ছাত্র সন্থাৰ দ্বাৰা মনোনীত দুগৰাকী সদস্য থাকিব৷