নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাধীন প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

নিয়মীয়া বাৰ্তা, ৮ জুলাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰঙিয়াত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ৰঙিয়াৰ স্বস্তি হাস্পতালত উপস্থিত হৈ চিকিৎসাধীন প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সকলো ধৰণৰ চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে। প্ৰয়োজনসাপেক্ষে চৰকাৰে কেয়াৰ টেকাৰৰ ব্যৱস্থাও কৰিব বুলি জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উল্লেখ্য যে কালিৰ তুলনাত স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ। এই সময়ছোৱাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সংগ দিয়ে বিধায়ক দিগন্ত কলিতাই।

You might also like