নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চাকৰিয়াল আৰু সেৱা সংহিতা

কিছুদিনৰ আগতে অসমৰ আৰক্ষীসকলৰ বাবে দিয়া এটা নির্দেশনাত অস্বাভাৱিকভাৱে শকত আৰক্ষীসকলক পেট কমাবলৈ নির্দেশ দিয়া হৈছিল৷ আৰক্ষীৰ দৰে সদা তৎপৰ হৈ থাকিবলগীয়া চাকৰি এটাত চাকৰিয়ালসকল দৈহিকভাৱে সুস্থ আৰু সঠিক হৈ থকাটো প্রয়োজন৷ সেই কথাটো মনত ৰাখি এই নির্দেশৰ প্রতি সর্বসাধাৰণ লোকে নির্দেশটো সহজভাৱেই গ্রহণ কৰিছিল৷ দুদিনমানৰ আগতে আৰক্ষীসকলৰ চাকৰিৰ লগত জড়িত আৰু কেইটিমান নির্দেশনা দিয়া হৈছিল৷ সংবাদ মাধ্যমত প্রকাশ পোৱা সেই নির্দেশনা মতে আৰক্ষীসকলে দৰমহাৰ তুলনাত অধিক সম্পত্তি আহৰণ কৰা কথাটোক বিশেষ গুৰুত্বসহকাৰে পর্যবেক্ষণ কৰা হ’ব আৰু সুৰাপান কৰা বা ভেঁটী লোৱা কামক অপৰাধ হিচাপে গণ্য কৰা হ’ব৷ সকলো চাকৰিৰ ক্ষেত্রতেই নিজস্ব সেৱা সংহিতা থাকে আৰু সেই সংহিতা পালন কৰিয়েই কর্মচাৰীসকলে কার্যনির্বাহ কৰে৷ কোনো চাকৰিতে ভেঁটী খোৱা কামটোক মান্যতা দিয়া হোৱা নাই৷ তেনেস্থলত আৰক্ষীৰ এই নির্দেশনাত ভেঁটীৰ কথাটো বিশেষভাৱে কিয় লিখা হ’ল বুলি প্রশ্ন উত্থাপন হয়৷ আৰক্ষীয়ে ভেঁটী খোৱাটো এটা স্বাভাৱিক কথা আৰু চাকৰিৰ অংগ হিচাপে মানি লোৱা হৈ আহিছিল নেকি? দৰমহাৰ লগত সামঞ্জস্য নথকা সম্পত্তিৰ অধিকাৰী হোৱা অকল আৰক্ষী বিভাগতেই নহয়, অইন বিভাগৰ চৰকাৰী কর্মচাৰীৰ মাজতো দেখা যায়৷ অইন বিভাগবোৰৰ ক্ষেত্রত এনেধৰণৰ কিবা নির্দেশনা দিয়া হৈছে নে এই সুযোগবোৰ অইন বিভাগৰ কর্মচাৰীক উপভোগ কৰিবলৈ দিয়া হৈছে, সেই কথাটোও আলোচনাৰ যোগ্য৷ এতিয়াও সংবাদ মাধ্যমত দেখা যায় যে অৱসৰগ্রহণ কৰাৰ পাছতো কিছুমান বিষয়া তেওঁৰ কার্যকালত কৰা নীতিবিৰুদ্ধ কামৰ বাবে আদালতলৈ গৈ থাকিবলগীয়া হয়৷ এই উদাহৰণৰ সহায়ক প্রশ্ন উত্থাপন কৰিব পৰা এটা বিষয় হ’ল দৰমহাৰ তুলনাত অধিক সম্পত্তি কৰা অৱসৰপ্রাপ্ত আৰক্ষীৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ভাৰতত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে চাকৰিৰ ক্ষেত্রত নির্দিষ্ট সেৱা সংহিতাহ আছে আৰু চাকৰিয়ালৰ আচৰণৰ ক্ষেত্রত এই সংহিতাই সর্বোচ্চ গুৰুত্ব লাভ কৰে৷ চাকৰিয়ালসকলৰ পৰা আশা কৰা কর্তব্য, দায়িত্ব আৰু আচৰণৰ ৰূপৰেখা দাঙি ধৰাত সেৱা সংহিতাহ এক বিস্তৃত নির্দেশনা হিচাপে কাম কৰে৷ হ এটা পেছাদাৰী আৰু অনুশাসিত কর্ম পৰিৱেশ নিশ্চিত কৰে, নিয়োগকর্তা আৰু সেৱকৰ মাজত পাৰস্পৰিক সন্মান আৰু ফলপ্রসূ যোগাযোগৰ পোষকতা কৰে৷ সংহিতাই গ্রহণযোগ্য আচৰণৰ সীমা নির্ধাৰণ কৰাত সহায় কৰে আৰু কোনো সম্ভাব্য শোষণ বা বেয়া আৰু অসাধু ব্যৱহাৰ ৰোধ কৰে৷ হয়াৰ উপৰি ই চাকৰিয়ালসকলৰ অধিকাৰ আৰু মংগল সুৰক্ষিত কৰে৷ ডপযুক্ত ক্ষতিপূৰণ, কর্ম পৰিস্থিতি আৰু চাকৰিৰ সুৰক্ষা লাভ কৰাটোও এই সেৱা সংহিতাই নিশ্চিত কৰে৷ আটাইতকৈ ডাঙৰ কথা– সেৱা সংহিতাই সেৱা খণ্ডৰ সুনাম আৰু বিশ্বাসযোগ্যতা বৃদ্ধি কৰে৷ এনে সেৱা সংহিতা থকাৰ পাছতো অসম আৰক্ষীয়ে অতিৰিক্ত নীতি–নির্দেশনা দিয়া কার্যই ভাবৰ অৱকাশ দিয়ে যে প্রচলিত সেৱা সংহিতাৰ ব্যৱহাৰ আৰু বিচাৰৰ প্রসংগটো অতদিনে আওকাণ কৰা হৈ আহিছে৷ কিছুমানে এই সেৱা সংহিতাক, নিয়োগৰ প্রেক্ষাপটত, চাকৰিয়ালৰ বাবে বাক্ স্বাধীনতাৰ ক্ষেত্রত সম্ভাব্য বাধা হিচাপে গ্রহণ কৰিব বিচাৰে৷ ই চাকৰিয়ালসকলক চৰকাৰৰ বিৰুদ্ধে কোৱাৰ সুবিধা নিদিয়ে৷ কথা হ’ল চাকৰিয়ালসকল চৰকাৰৰ অংগ আৰু সেই দৃষ্টিকোণৰ পৰা নিজে নিজৰ বিভাগৰ বিৰুদ্ধাচৰণ কৰা উচিত কথা নহয়৷ চাকৰিয়ালসকল ব্যক্তি নহয়, একোটা গোট আৰু প্রতিটো গোটৰেই সংগঠন থাকে আৰু সেই সংগঠনৰ যোগেৰেই নিজৰ স্বার্থৰ বাবে চৰকাৰৰ ওচৰত মাত মাতিব পাৰি বা সিদ্ধান্তৰ বিৰোধিতা কৰিব পাৰি৷ কিন্তু বহুতেই চৰকাৰৰ বিৰোধিতা কৰা বা বিশেষ ৰাজনৈতিক দলক সমর্থন কৰাটোকে বাক্ স্বাধীনতা বুলি ক’ব বিচাৰে৷ এনে ধৰণৰ স্বাধীনতা বিচৰাসকল চৰকাৰী চাকৰিৰ বান্ধোনৰ মাজত থকা উচিত নহয়৷ অকল আৰক্ষীয়েই নহয়, সকলো চাকৰিয়ালৰ বাবেই সেৱা সংহিতা মানি চলাটো বাধ্যতামূলক কৰা উচিত৷ লগতে সকলো শিক্ষকৰ বাবেও স্পষ্ট সেৱা সংহিতা থকাৰ প্রয়োজন৷ ইয়াৰ অনুপস্থিতিৰ বাবেই বহু শিক্ষকে শিক্ষকতাৰ দৰে সামাজিকভাৱে সন্মানীয় পেছা এটাক সন্মুখত ৰাখি ৰাজনৈতিক দলৰ সমর্থক সৃষ্টিৰ কাম কৰি গৈছিল৷ চাকৰিয়ালে ভেঁটী খোৱাটো বন্ধ কৰাৰ দৰে শিক্ষানুষ্ঠানৰ পৰা এনে ৰাজনৈতিক কামৰ ড্রেইনিং চেণ্টাৰবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে৷

You might also like