নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সঘন প্ৰাণঘাতী দুৰ্ঘটনা : গুৱাহাটীৰ ব্লেকস্পট চিনাক্ত

বিশেষ বার্তা, ১২ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পাছতে পথ দুর্ঘটনা ৰোধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে পৰিবহণ বিভাগ, আৰক্ষী আৰু জিলা প্রশাসন৷ তিনি বছৰত পাঁচটাতকৈ অধিক দুর্ঘটনা হোৱা স্থানক ব্লেক স্পট হিচাপে চিনাক্ত কৰিছে৷ এই ব্লেক স্পটসমূহ চিনাক্ত কৰি চৰজমিন তদন্ত কৰি দুর্ঘটনাৰ কাৰণসমূহো বিশ্লেষণ কৰি পথ দুর্ঘটনা ৰোধৰ বাবে পদক্ষেপ লৈছে৷ ৰাজ্যৰ মুঠ ১৩২টা ব্লেক স্পটৰ ভিতৰত গুৱাহাটী মহানগৰীত আছে ৩৩টা ব্লেক স্পট৷ মহানগৰীৰ এই ৩৩টা ব্লেক স্পটত তিনি বছৰত মুঠ ৬৯৩টা পথ দুর্ঘটনা সংঘটিত হৈছে৷ এই পথ দুর্ঘটনাত মুঠ ২৮০জন লোকে প্রাণ হেৰুৱাইছে৷ ২০২০-২১ আৰু ২০২২ বর্ষত গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ এছআইআৰডিৰ পৰা গণেশ মন্দিৰৰ মাজত সংঘটিত ৬৫টা পথ দুর্ঘটনাত ১২জন লোকে প্রাণ হেৰুৱাইছে৷ একেদৰে ব্লেক স্পট হিচাপে চিনাক্ত কৰা গড়চুক আৰু মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ মাজত সংঘটিত হোৱা সর্বমুঠ ৪০টা পথ দুর্ঘটনাত ১২জন লোকে প্রাণ হেৰুৱাইছে৷ বৰাগাঁও তিনিআলিৰ পৰা বৰাগাঁও এল পি স্কুলৰ মাজত ৩৬টা পথ দুর্ঘটনাত ১৮জন লোকৰ মৃত্যু হৈছে৷ ধাৰাপুৰৰ পৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ মাজত সংঘটিত ৩০টা পথ দুর্ঘটনাত ৬জন, ৰাণী তিনিআলিৰ পৰা ই–কম টাৱাৰৰ মাজত ১৯টা পথ দুর্ঘটনাত ৮জন, ভিআইপিৰ পৰা বুল্লাপাৰা শিৱ মন্দিৰৰ মাজত ২৫টা পথ দুর্ঘটনাত ১২জন, লখৰা চাৰিআলিৰ পৰা নেচনেল পাব্লিক স্কুলৰ মাজত সংঘটিত ৪২টা পথ দুর্ঘটনাত ১৩জন, আঠমাইলৰ পৰা নমাইল চিআৰপিএফ কেম্পৰ মাজত সংঘটিত ২০টা দুর্ঘটনাত ৫জন, নমাইলৰ পৰা হস্তিনাপুৰৰ মাজত সংঘটিত ১২টা পথ দুর্ঘটনাত ৪জন, আদর্শ নগৰৰ পৰা দহমাইল কাটিঙৰ মাজত সংঘটিত ১১টা পথ দুর্ঘটনাত ৫জন, এঘাৰ মাইল টার্নিঙৰ পৰা কেঞ্চাৰ হাস্পতালৰ মাজত সংঘটিত ১৪টা পথ দুর্ঘটনাত ৯জন, যোৰাবাট উৰণ সেতুৰ পৰা ঘনশ্যাম বস্তি টার্নিঙৰ মাজত ১৮টা পথ দুর্ঘটনাত ২জন, তেৰমাইল কাটিং আৰু এপিডিচিএলৰ কার্যালয়ৰ মাজত সংঘটিত ১০টা পথ দুর্ঘটনাত ৪জন, লখৰাৰ পৰা ৰংমন পইণ্টৰ মাজত সংঘটিত ১২টা পথ দুর্ঘটনাত ১৩জন, ৰংমন পইণ্টৰ পৰা বেহাৰবাৰীৰ মাজত ১১টা পথ দুর্ঘটনাত ১৩জন, বেহাৰবাৰীৰ পৰা বশিষ্ঠ চাৰিআলিৰ মাজত ১৫টা পথ দুর্ঘটনাত ১৫জন, বশিষ্ঠ চাৰিআলিৰ পৰা বালুঘাটৰ মাজত ৮টা পথ দুর্ঘটনাত ৮জন, বৰা ছার্ভিচৰ পৰা কল্যাণ জুৱেলার্ছৰ মাজত ৭টা পথ দুর্ঘটনাত ৩জন, পাথৰ কোৱেৰীৰ পৰা মেগজিনৰ বালি এনক্লেভৰ মাজত ৮টা পথ দুর্ঘটনাত ৮জন, ভঙাগড় উৰণ সেতুৰ পৰা ড’না প্লেনেটৰ মাজত ১৬টা পথ দুর্ঘটনাত ৩জন, লংকেশ্বৰ মন্দিৰৰ পৰা ফৰেষ্ট স্কুলৰ মাজত ২৫টা পথ দুর্ঘটনাত ১০জন, সাতমাইলৰ পৰা বাইপাছ ১ৰ মাজত ৩০টা পথ দুর্ঘটনাত ১৩জন, হজ ভৱনৰ পৰা ডানলব ব্রিজৰ মাজত ৩৪টা পথ দুর্ঘটনাত ১০জন, পদুমবড়ীৰ পৰা তেতেলিয়াৰ মাজত ২৫টা পথ দুর্ঘটনাত ৮জন, তেতেলিয়া এলপি স্কুলৰ পৰা এক্সেল কেয়াৰৰ মাজত ১৯টা দুর্ঘটনাত ১২জন, এমজি ৰোডৰ জেবিজৰ পৰা পানীটেংকীৰ মাজত ৩৫টা দুর্ঘটনাত ৬জন, বিএছএনএলৰ কার্যালয়ৰ পৰা এমএমচিএইচৰ মাজত ১৫টা দুর্ঘটনাত ২জন, লালগণেশৰ পৰা আদাগুদাম হুনুমান মন্দিৰৰ মাজত ৫টা দুর্ঘটনাত ৭জন, বি জি ৰোড ভূতনাথৰ পৰা কালীপুৰৰ মাজত ১২টা দুর্ঘটনাত ৭জন, ভৰলুমুখ পইণ্টৰ পৰা শান্তিপুৰ বাছ ষ্টপেজৰ মাজত ১২টা পথ দুর্ঘটনাত ৪জন, ধোপগুৰি তিনিআলিৰ পৰা অসমী ধাবাৰ মাজত ২৪টা দুর্ঘটনাত ১৬জন আৰু টোপাতলী চাৰিআলিৰ পৰা দিকছক ময়ূৰী ধাবাৰ মাজত ১৩টা পথ দুর্ঘটনাত ৬জন লোকে অকালতে প্রাণ হেৰুৱাইছে৷

You might also like