নিয়মীয়া বাৰ্তা, ১৫ জুলাই : অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ অন্যতম দল আৱাহন থিয়েটাৰে ৪৪সংখ্যক নাট্য বৰ্ষৰ বাবে তিনিখন ভিন্ন স্বাদৰ নাটকেৰে আখৰা আৰম্ভ কৰিলে । কালি দিনৰ ১ বজাত বাইহাটা চাৰিআলিৰ কুমনগৰত থকা স্থায়ী আখৰা গৃহৰ দ্বাৰ মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । ভাষণ প্ৰসংগত কলিতাই কয় যে অসমত ভ্ৰাম্যমাণ থিয়েটাৰে আজিৰ তাৰিখত স্বকীয় শিল্পশৈলীৰে আলোড়ন আনিবলৈ সক্ষম হৈছে। আৱাহন থিয়েটাৰ ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন বুলিও তেওঁ কয়। ইয়াৰ পিছতে নাৰিকল ভাঙি আখৰা মুকলি কৰে অসমীয়া চিনেমা জগতৰ সুদৰ্শন জনপ্ৰিয় অভিনেতা যতীন বৰাই । তেওঁ আৱাহন থিয়েটাৰে সদায় নতুনত্ব আনিবলৈ সক্ষম হৈছে বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰিছে। এইবেলি আৱাহন থিয়েটাৰে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰচিত সতী বেউলা, মোৰ তেজ মোৰ মৰমৰ আৰু অৰ্ধাঙ্গিনী নাটক তিনিখন দৰ্শকৰ মাজলৈ আনিছে। পূৰ্বতকৈ এইবেলি উন্নত মানৰ সংলাপ আৰু কাৰিকৰী কৌশল প্ৰদৰ্শন কৰি দৰ্শক ৰাইজক মনোৰঞ্জন দিবলৈ চেষ্টা চলাব বুলি উল্লেখ কৰে প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে । অহা ২৫ আগষ্টত নতুন চিন্তাধাৰাৰে উন্নত কাৰিকৰী কৌশল সমৃদ্ধ নাটকেইখন লৈ ৰাইজৰ মাজলৈ ওলাই যাব বুলিও উল্লেখ কৰে প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে।
প্ৰেৰক লক্ষী ডেকা