নিয়মীয়া বাৰ্তা, ১৫ জুলাই : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা বকো সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ হয়। উল্লেখ্য যে ৰাজ্যৰ শিক্ষাৰ্থীৰ মানসিক-বৌদ্ধিক তথা শাৰীৰিক উৎকৰ্ষৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন উল্লেখনীয় পদক্ষেপ। শিক্ষাৰ্থীৰ সাংস্কৃতিক বুদ্ধিমত্তাক গুৰুত্ব প্ৰদান কৰিয়েই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা আৰম্ভণিৰ দিন হিচাপে লৈ ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণী পৰ্য্যন্ত শিক্ষাৰ্থীৰ মাজত প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত নাটক; সত্ৰীয়া নৃত্য; লোকনৃত্য তথা পৰম্পৰাগত নৃত্য; আবৃত্তি আৰু তৰ্ক বিষয়ক দুটাকৈ দহদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰে। বকো আঞ্চলিক যুৱক সংঘৰ কাৰ্য্যালয় প্ৰাংগণত ৰাভা লোকনৃত্যৰ দহদিনীয়া কৰ্মশালাখন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাখনৰ শুভাৰম্ভ অনুস্থানত উপস্থিত থাকে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ; বকো আঞ্চলিক যুৱক সংঘৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস; বিশিষ্ট শিক্ষাবিদ ড; গণেশ্বৰ চহৰীয়া; বকো হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজেশ মহন্ত; সাংবাদিক বিদ্যুৎ বিকাশ বৰুৱা; শতাধিক শিক্ষাৰ্থীৰ উপৰি বহুসংখ্যক অভিভাৱক-অভিভাৱিকা। ইফালে, যুৱ শিল্পী মনোজ দাসে আঁত ধৰা অনুস্থানত ৰাভা লোকনৃত্যৰ সমল ব্যক্তি তথা প্ৰশিক্ষক যুৱ শিল্পী কুশল ৰাভাকে ধৰি বহুকেইজন শিল্পীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক বিষ্ণু ৰাম দাস