নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীনিজ বুকত নাম অন্তৰ্ভুক্তিৰ বাবে আংশিক দৃষ্টিশক্তি হেৰুৱালে যুৱকে

বিশেষ বাৰ্তা, ২১ জুলাই : গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্তিৰে কৃতিত্ব স্থাপন কৰিব বিচাৰিছিল। কিন্তু তেনে কৰাৰ সময়ত নাইজেৰিয়াৰ এজন যুৱকে আংশিক দৃষ্টিশক্তি হেৰুৱাবলগীয়া হয়। ব্ৰিটিছ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, নাইজেৰিয়াৰ টেম্বু এবেৰে নামৰ এজন যুৱকে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সাত দিন ধৰি একেৰাহে কন্দা আৰম্ভ কৰিছিল। চকুপানী ওলোৱাৰ বাবে তেওঁ বিভিন্ন কৌশলো অৱলম্বন কৰিছিল। তেনে কৰি থাকোঁতে যুৱকজনে হঠাতে অনুভৱ কৰে যে তেওঁ অস্পষ্টভাৱে দেখিবলৈ আৰম্ভ কৰিছে। যুৱকজনে সংবাদ মাধ্যমক জনোৱা মতে, ৪৫ মিনিটলৈকে তেওঁ একো দেখা পোৱা নাছিল। চকু দুটা ফুলি উঠিছিল। তেওঁ কয় যে তেওঁ মূৰত অবিশ্বাস্য বিষ অনুভৱ কৰিছিল। এতিয়া তেওঁ সুস্থ হৈ উঠিছে। চকুৰ কোনো সমস্যাও নাই।

You might also like