নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জক নতুন কাশ্মীৰ হ’বলৈ নিদিব : সাংসদ ৰাজদীপ ৰয়

নিয়মীয়া বাৰ্তা, ২১ জুলাই : ভাৰত-বাংলাদেশ সীমান্তৰ লোকসভা সমষ্টি কৰিমগঞ্জক নতুন কাশ্মীৰ হ’বলৈ নিদিব। নিৰ্বাচন আয়োগক এই আবেদন জনাইছে শিলচৰ সমষ্টিৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে। তেওঁৰ মতে, কৰিমগঞ্জ লোকসভা সমষ্টিক অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰাখিলে ভৱিষ্যত‌ সুৰক্ষিত হ’ব। ভাৰত-বাংলাদেশ আন্তজাৰ্তিক সীমান্তবৰ্তী কৰিমগঞ্জ লোকসভা সমষ্টিক ভৱিষ্যতে নতুন  কাশ্মীৰ হ’ব দিব নোৱাৰি। ইয়াৰ বাবে সমষ্টি পুনঃৰ্নিদ্ধাৰণৰ ক্ষেত্ৰত কৰিমগঞ্জ লোকসভা সমষ্টিক অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হওক। বৰাক উপত্যকাৰ শিলচৰ সমষ্টিৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে নিৰ্বাচন আয়োগত এই আবেদন জনাইছে। কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নিৰ্বাচন আয়োগৰ শুনানিত  তেওঁ দলৰ সৈতে  অংশগ্ৰহণ কৰি  এই দাবী উত্থাপন কৰে । পিছত সাংবাদিকৰ সতে বাৰ্তালাপত সাংসদ ডাঃ ৰাজদীপ ৰয়ে কয়, কৰিমগঞ্জ লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা তেওঁৰ মূল দাবী। এই ক্ষেত্ৰত তেওঁ নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই লোকসভা সমষ্টিটোক অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ ধাৰা অব্যাহত ৰাখিব লাগে। যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে কৰিমগঞ্জ  উত্তৰ-পূৰ্বাঞ্চলত নতুন লোকসভা কাশ্মীৰ হৈ পৰিব বুলি বিস্ফোৰক মন্তব্য কৰে তেওঁ। কৰিমগঞ্জৰ ভবিষ্যৎ সংক্রান্ত তথ্য বৰিষ্ঠ অধিবক্তাৰ মতামত লৈ নির্বাচন আয়োগত দাখিল কৰিছে তেওঁ। উল্লেখ্য, দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ অনুমতি সাপেক্ষে ভাৰতীয় নিৰ্বাচন আয়োগৰ  সমষ্টি পুনঃ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ শুনানিত বৰাক উপত্যকাৰ বিভিন্ন দল সংগঠন‌ৰ প্ৰতিনিধি সহ বিধায়ক আৰু সাংসদে অংশগ্ৰহণ কৰিছে। সাংসদ ৰাজদ্বীপ ৰয়ে কয়, তেওঁ নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ চিন্তিত নহয়।   নীতিগতভাৱে কৰিমগঞ্জ লোকসভা সমষ্টিৰ  পুনৰ নিৰ্ধাৰণ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰাৰ দাবী। তদুপৰি এইক্ষেত্ৰত তেওঁ নিৰ্বাচন আয়োগৰ খচৰা প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। উল্লেখযোগ্য যে কাছাৰ জিলাৰ উপৰি বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ পৰা প্ৰায় ৬০জনীয়া এটা প্ৰতিনিধি দল আহিছিল দ্বিতীয় দিন বৰাক উপত্যকাৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ১৩খন জিলাৰ শুনানি তিনিটা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like