নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিপিএলৰ নতুন MD অসম সন্তান প্ৰাঞ্জল চাংমাই

বিশেষ বাৰ্তা, ২১জুলাইঃ পুনৰ অসমৰ এগৰাকী সু-সন্তানে অসমলৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে।দেশৰ অন্যতম সৰ্ব্ববৃহৎ ৰাজহুৱা খণ্ড বিচিপিএলৰ পৰিচালন সঞ্চালক ৰূপে নিৰ্বাচিত হৈছে ডিব্ৰুগড়ৰ সু-সন্তান প্ৰাঞ্জল চাংমাই।ডিব্ৰুগড়ৰ লেপেটকটাত অৱস্থিত বিচিপিএলৰ পৰিচালন সঞ্চালক ৰূপে চাংমাইয়ে শ্ৰীঘেই দায়িত্বভাৰ গ্ৰহণ কৰাৰ কথা।জানিব পৰা অনুসৰি ৰাজহুৱা খণ্ডৰ নিৰ্বাচিত সমিতিয়ে আজি দেশৰ সৰ্ব্বমুঠ ৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত বৰ্তমানে বিচিপিএলত মহা প্ৰবন্ধক (অপাৰেচন ইনৰ্চাজ) হিচাপে কৰ্মৰত প্ৰাঞ্জল চাংমাইক পৰৱৰ্তী কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে।নিৰ্বাচিত সমিতিয়ে তিনি গৰাকী বিচিপিএলৰ, দুগৰাকী গেইলৰ,বিএচএনএল আৰু আইঅচিৰ এগৰাকীকৈ মুঠ ৭ গৰাকী বিষয়াৰ মাজৰ পৰা প্ৰাঞ্জল চাংমাইক নিৰ্বাচিত কৰে। উল্লেখ্য যে প্ৰাঞ্জল চাংমাইয়ে ডিব্ৰুগড়ৰ চৰকাৰী লৰাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৯২ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে শিক্ষা সাং কৰি ‘৯৩-‘৯৬ চনলৈ নামৰূপৰ বিভিএফচিএলত(পূৰ্বে এইচ এফ চি)কাৰ্যভাৰ লৈছিল।পৰৱৰ্তী সময়ত ‘৯৬-২০১১ চনলৈ গুজৰাটৰ জাম নগৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত কৰ্মৰত আছিল।তাৰ পাছত বতমানলৈ ডিব্ৰুগড়ৰ বিচিপিএলত কৰ্মৰত হৈ আছে।ডিব্ৰুগড়ৰ মিলন নগৰৰ স্থায়ী নিবাসী হিচাপে অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনতে এই খবৰ প্ৰাপ্তিৰে আনন্দৰ জোৱাৰ উঠিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like