নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰং চেনেলত নতুন ধাৰাবাহিক ‘ৰ’দৰ ফুল’

🔹 পিতৃ–মাতৃৰ মনোমালিন্যই সন্তানলৈ কঢ়িয়াই আনে একাকিত্ব

🔹 সংঘাত–প্রতিঘাত, মৰম, অভিমান, ত্যাগ বুকুত সামৰি জীৱনমুখী যুৱ সমাজ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : বৰষুণ.. হয় বৰষুণৰ পাছত এইবাৰ ৰ’দ.. মানে ‘ৰ’দৰ ফুল’৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে আগবঢ়াইছে এখন সুন্দৰ ধাৰাবাহিক ‘ৰ’দৰ ফুল’৷ ৰং চেনেলৰ ক্রিয়েটিভ হেড অনুপম মহন্তৰ কাহিনীক চিত্রনাট্যৰ ৰূপ দি সংলাপেৰে সজাইছে সাগৰ নীল শইকীয়াই৷ আজিৰ পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭.৩০ বজাত সম্প্রচাৰ হ’ব নতুন ধাৰাবাহিক ‘ৰ’দৰ ফুল’৷ সাম্প্রতিক সময়ত পিতৃ–মাতৃৰ মনোমালিন্য তথা সংঘাতে সন্তানৰ মনত কি প্রভাৱ পেলায়, কিদৰে এখন নিজস্ব পৃথিৱীত একাকিত্ব কটাব লগা হয় সন্তানে, তেনে বহুবোৰ বিষয়ৰ লগতে বর্তমান যুৱ সমাজে নিজকে প্রতিষ্ঠা কৰাৰ যুঁজখনত কিদৰে অৱতীর্ণ হ’ব লগা হয়, কিমান সংঘাত, প্রতিঘাত, মৰম–ভালপোৱা, অভিমান, ত্যাগ বুকুত সামৰি জীৱনমুখী হ’ব লগা হয়, এই সকলোবোৰেই হ’ব ‘ৰ’দৰ ফুল’ৰ কাহিনীৰ মূল কথা৷ ৰ’দ মানেই ভাল লগা এটি শব্দ, ৰ’দ মানেই পোহৰ, গতিকে ৰ’দৰ ফুলে এক পোহৰমুখী যাত্রাৰে আপোনালোকৰ মৰম আৰু আশীর্বাদ বিচাৰি আগবাঢ়িছে৷ এই যাত্রা সফল হোৱাৰ বাবে সেয়েহে প্রয়োজন আপোনালোকৰ মৰম–সঁহাৰি আৰু আশীর্বাদ৷ সুনয়না ফুকন মহন্তই পৰিচালনা কৰা ‘ৰ’দৰ ফুল’ৰ বিভিন্ন চৰিত্রত দেখা যাব অসমৰ বহুতো বিশিষ্ট অভিনেতা–অভিনেত্রীক ৷ সুজিত শর্মা, ৰাজীৱ গোস্বামী, ভৱেশ দাস, অসীম কৃষ্ণ বৰুৱা, বিভূতি ভূষণ হাজৰিকা, চিন্ময় কটকী, অশ্রুমণি বৰা, কংকী বৰদলৈ, দ্বীপন ভৰালী, সত্যেন শর্মা, নিৰূপম শইকীয়া, জেনেট বে’, দিগাংগনা বৰা, ৰোহিত চৌধুৰী, মণ্টু গগৈ, শ্যামলীমা দাস, সমীৰণ বৰা, বেদব্রত বৰা, দীপ্রাঞ্জল হাজৰিকা, হিমানী কলিতা, ৰিমলী দাস, অবিনাশ শর্মা, ধীৰাজ মজুমদাৰ, জ্যোতিষ্মান কৌশিক, পার্থপ্রতিম হালৈ, পলাশ শর্মা আদি ন–পুৰণি শিল্পীৰ সমাহাৰে ‘ৰ’দৰ ফুল’ৰ প্রতিটো দৃশ্য প্রাণৱন্ত আৰু সজীৱ কৰি তুলিছে৷ ‘ৰ’দৰ ফুল’ৰ শীর্ষ গীতৰ কথা শশাংক সমীৰৰ৷ কণ্ঠ প্রবীণ বৰা আৰু পম্পী গগৈৰ৷ শীর্ষ গীতৰ সুৰ আৰু সংগীত পৰাণ বৰকটকী (জ’জ’)ৰ আৰু ব্যৱস্থাপনা বিভূতি গগৈৰ৷ অৰূপ মালাকাৰে সুন্দৰকৈ ৰূপসজ্জা কৰি প্রতিটো চৰিত্রক দৃশ্য অনুযায়ী সঠিক ৰূপত প্রতিষ্ঠা হোৱাত সহায় কৰিছে৷ চানডুবি, চন্দ্রপুৰ আৰু গুৱাহাটীৰ বিভিন্ন লোকেচনত ধাৰাবাহিকখনৰ প্রতিটো দৃশ্যক কেমেৰাৰে ধৰি ৰাখিছে অভিলাষ গগৈয়ে (ডিম্পল)৷ সহকাৰী বিপুল ডেকা আৰু সম্পাদনাৰে দৃশ্যসমূহ সঠিক ৰূপত সাজু কৰি তুলিছে ৰমেন বৰাই৷ ধাৰাবাহিকখনৰ পুনঃ শব্দগ্রহণৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে ধ্রুৱজ্যোতি কলিতা, পংকজ বৰা আৰু ধীৰাজ বৰাই৷ গ্রাফিক্সৰ দায়িত্ব সুন্দৰকৈ বহন কৰি ধাৰাবাহিকখনক এক অন্য মাত্রা দিছে ৰাকেশ বর্মন আৰু হিমাদ্রী শেখৰে৷ ধাৰাবাহিকখনৰ পোহৰৰ দায়িত্বত আছে নাৰায়ণ দাস, কপিল ৰাভা, কৃষ্ণপদ হাজৰিকা আৰু আনোৱাৰ হুছেইন৷ খাদ্যৰ দায়িত্বত আছে চন্দ্র দাস, স্পটত আছে নুৰ আৰু বাদল বিশ্বাস৷ পৰিবহণ ফণীন্দ্র কলিতা আৰু অজয় দাস৷ ধাৰাবাহিকখনৰ কলা নির্দেশনাৰ দায়িত্বত আছে দীপ্তিমন্ত চাংমাই৷ ধাৰাবাহিক এখন সফলভাৱে দৃশ্যগ্রহণ কৰি দর্শকৰ মাজলৈ আগবঢ়াই দিয়াৰ ক্ষেত্রত প্রযোজনা নিয়ন্ত্রণৰ এক বিশেষ ভূমিকা আছে৷ সেয়া সুন্দৰকৈ পালন কৰিছে পলাশ শর্মাই (ভিভান)৷ আনহাতে, পৰিচালকক সকলো ফালৰ পৰা সহযোগিতাৰে ধাৰাবাহিক এখন সফল কৰাত অৰিহণা থাকে সহকাৰী পৰিচালকৰ৷ ধাৰাবাহিকখনত সহকাৰী পৰিচালকৰ দায়িত্বত আছিল পর্যায়ক্রমে জ্যোতিষ্মান কাশ্যপ, ৰুবুল দত্ত আৰু মনোৰঞ্জন কাকতি৷ মুখ্য সহকাৰী পৰিচালক পার্থপ্রতিম হালৈ৷ ‘শকুন্তলা’ ধাৰাবাহিকখনৰ পাছত পৰিচালক সুনয়না ফুকন মহন্তৰ পৰিচালনাত ‘ৰ’দৰ ফুলে’ও ‘ৰং’ৰ আন ধাৰাবাহিকৰ দৰে দর্শকৰ মৰম আৰু সঁহাৰি লাভ কৰিব বুলি আমি আশাবাদী৷ ধাৰাবাহিকখন উপভোগ কৰি ভুল–ত্রুটিবোৰ আঙুলিয়াই দি ভৱিষ্যতে ভাল কাম কৰি যাবলৈ অনুপ্রাণিত কৰিবলৈ পৰিচালক তথা ‘ৰ’দৰ ফুল’ৰ পৰিয়ালে সকলোকে অনুৰোধ জনায়৷

You might also like