কংগ্রেছৰ ভৱিষ্যৎ
হোমেন বৰগোহাঞি
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ সদ্যসমাপ্ত দিল্লীৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন নাপালে। কেৱল আসন নোপোৱাই নহয়, প্ৰায় আটাইকেইজন কংগ্ৰেছ প্ৰাৰ্থীয়েই আমানতৰ ধন পৰ্যন্ত হেৰুৱালে। এনে এটা অভূতপূৰ্ব ঘটনা সেইখন দিল্লীত কেইবছৰমানৰ আগলৈকে একেলেথাৰিয়ে ১৫ বছৰ ধৰি চলিছিল কংগ্রেছৰ শাসন। দিল্লীত কংগ্ৰেছৰ অকল্পনীয় বিপৰ্যয় দেখি বহুতেই কবলৈ আৰম্ভ কৰিছে যে কংগ্ৰেছৰ মৃত্যুঘণ্টা বাজিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ কংগ্ৰেছৰ কোনো ভৱিষ্যৎ নাই।
কেইবাটাও কাৰণত কংগ্ৰেছৰ ভৱিষ্যত নাই বুলি কৰা ভৱিষ্যদ্বাণীটো মানি ল’বলৈ টান হয়। কংগ্ৰেছৰ নিচিনা গৌৰৱমণ্ডিত ইতিহাস পৃথিৱীৰ খুব কম ৰাজনৈতিক দলৰহে আছে। কংগ্ৰেছৰ নিচিনা গৌৰৱমণ্ডিত ইতিহাস পৃথিৱীৰ খুব কম ৰাজনৈতিক দলৰহে আছে। কংগ্ৰেছেই ভাৰতক স্বাধীন কৰিছিল। কেৱল সেয়েহ নহয়, সমগ্ৰ এছিয়া আৰু আফ্ৰিকা মহাদেশত ইউৰোপীয় উপনিৱেশবাদৰ বিৰুদ্ধে যি গৌৰৱময় সংগ্রাম চলিছিল তাৰো প্রেৰণাৰ প্রধান উৎস আছিল ভাৰতৰ জাতীয় কংগ্রেছ৷ আৰু এই কংগ্রেছ আছিল মহাত্মা গান্ধীৰ কংগ্রেছ৷ আজি সমগ্র বিশ্ব গান্ধীজীৰ শিক্ষাৰ দ্বাৰা গভীৰভাৱে প্রভাৱিত হৈছে৷ কংগ্রেছৰ মৃত্যু ঘোষণা কৰা মানে গান্ধীজীৰ পৱিত্র স্মৃতিকো অৱমাননা কৰা৷ কংগ্রেছে স্বাধীন ভাৰতক এনে এখন অনন্য সংবিধান দিছে যিখন সংবিধান সমগ্র মানৱ জাতিৰ কাৰণে এখন অতি ঐতিহাসিক গুৰুত্বপূর্ণ দলিল৷ আধুনিক ভাৰতৰ সুদৃঢ় ভেটিও স্থাপন কৰিছিল কংগ্রেছেই৷ এনে এটা দলৰ জীৱনীশক্তি সম্পূর্ণভাৱে নিঃশেষিত হৈ যোৱা বুলি ভবাটো প্রায় অসম্ভৱ৷ তদুপৰি কংগ্রেছে এতিয়াও ভাৰতৰ কেইবাখনো বৃহৎ আৰু গুৰুত্বপূর্ণ ৰাজ্যত শাসনৰ বাঘজৰী ধৰি আছে৷
অৱশ্যে এটা কথা সত্য যে কংগ্রেছে অতীতৰ গৌৰৱৰ দিনবোৰ ঘূৰাই পাবলৈ আশা কৰিব নোৱাৰে৷ খণ্ডিত ৰূপত কংগ্রেছক এতিয়াও পুনৰ এটা জীৱন্ত শক্তিত পৰিণত কৰাটো অসম্ভৱ নহ’ব– যদিহে যিবোৰ ভুলৰ কাৰণে আজি কংগ্রেছৰ এই দুর্দশা হৈছে সেই ভুলবোৰ চিহ্ণিত কৰি তাৰ শুধৰণিৰ ব্যৱস্থা কৰা হয়৷ কংগ্রেছৰ পৰিয়ালতান্ত্রিক শাসন ব্যৱস্থাই দলটো ক্রমান্বয়ে দুর্বল হৈ অহাৰ এটা প্রধান কাৰণ৷ ১৩০ কোটি মানুহৰ দেশ ভাৰতবর্ষত কংগ্রেছক নেতৃত্ব দিবলৈ নেহৰু–গান্ধী পৰিয়ালৰ মানুহৰ বাহিৰে আন কাৰো যোগ্যতা নাই, সেই কথা মুখলৈ অনাটোও ভাৰতবাসীৰ প্রতি এটা চৰম অপমান বুলি ভাবিব পাৰি৷ ২০১৪ চনত ভাৰতীয় জনতা পার্টী কেন্দ্রত ক্ষমতালৈ আহিল৷ সেই ঐতিহাসিক নির্বাচনৰ কেইবামাহৰ আগতেই, অর্থাৎ ২০১৩ চনৰ ২০ ডিচেম্বৰত মই ‘আমাৰ অসম’ৰ প্রথম কলমত ঘোষণা কৰিছিলোঁ যে লোকসভাৰ নির্বাচনত মই খুব সম্ভৱ মোৰ ভোটটো দিম নৰেন্দ্র মোদীক৷ মই লিখিছিলোঁ– ‘নৰেন্দ্র মোদীক সমর্থন কৰিবলৈ মোক আটাইতকৈ প্রৰোচিত কৰিছে কংগ্রেছৰ বংশানুক্রমিক ৰাজত্বৰ প্রতি অন্ধ আনুগত্যই৷ বংশানুক্রমিক শাসন–প্রথা হৈ পৰিছে ভাৰতীয় গণতন্ত্রৰ প্রতি আটাইতকৈ ডাঙৰ ভাবুকি৷ বংশানুক্রমিক ৰাজত্ব–প্রথা স্থায়ীভাৱে কায়েম হোৱাৰ ফলত উচ্চস্তৰৰ ৰাজনৈতিক প্রতিভাবোৰ নিজৰ প্রাপ্য মর্যাদা আৰু অধিকাৰৰ পৰা বঞ্চিত হৈছে৷ প্রতিভাৰ বাছনিৰ ক্ষেত্রখন সংকুচিত হৈ হৈ এতিয়া সি পর্যবসিত হৈছে শূন্যত৷’
আজি কংগ্রেছৰ বাহিৰে আন কোনো এটা ৰাষ্ট্রীয় দল নাই যিটো দলৰ খোপনি আছে ভাৰতৰ প্রতিখন ৰাজ্যত৷ অর্থাৎ বিজেপিৰ প্রতিপক্ষ হ’বলৈ কংগ্রেছৰ বাহিৰে দ্বিতীয় এটা দল নাই৷ গতিকে দেশৰ স্বার্থত, আনকি বিজেপিৰো স্বার্থত, কংগ্রেছৰ এটা নতুন অৱতাৰৰ আৱির্ভাৱ হোৱাটো অতি আৱশ্যক৷
অসমত যোৱা কেইবামাহো ধৰি এটা চৰকাৰবিৰোধী আন্দোলন চলি আছে৷ কিন্তু প্রায় এবছৰৰ পিছত হ’ব লগা বিধানসভাৰ নির্বাচনত বিজেপিক প্রত্যাহ্বান জনাব পৰাকৈ জনসমর্থন থকা কোনো এটা দল ৰাইজৰ চকুত পৰা নাই৷ উপদলীয় সংঘাতত বহুধা–বিদীর্ণ হোৱা কংগ্রেছক এটা ঐক্যবদ্ধ শক্তিত পৰিণত কৰিবলৈ যিধৰণৰ সর্বজনগ্রাহ্য নেতাৰ দৰকাৰ তেনে এজন নেতা সম্প্রতি কংগ্রেছত নাই৷ ই কেৱল কংগ্রেছৰেই দুর্ভাগ্য নহয়, ৰাজ্যখনৰো দুর্ভাগ্য৷ অগপৰ বর্তমান নেতৃত্বই মন্ত্রিত্বৰ লোভত নিজৰ দলটোক চিৰকাললৈ ঘুণীয়া কৰি পেলালে৷ সেই দলটোৱে আগৰ মর্যাদা আৰু জনসমর্থন ঘূৰাই পোৱাৰ আশা খুব ক্ষীণ৷ এটা নতুন আঞ্চলিক দল গঠনৰ প্রস্তাৱ মাজে মাজে শুনি থকা গৈছে যদিও এনে এজন নেতা বা নেতৃমণ্ডলী ৰাইজৰ চকুত পৰা নাই– যাৰ আহ্বানত এটা নতুন আঞ্চলিক দল এখন মাত্র পতাকাৰ তলত সমৱেত হ’ব, বা তেওঁলোকে অসমত এক নতুন ধৰণৰ ৰাজনীতিৰ সূচনা কৰিব পাৰিব৷ বৰং এইটোহে দেখা হৈছে যে নতুন এটা আঞ্চলিক দলৰ প্রস্তাৱ উচ্চাৰিত হ’বৰ মুহূর্তৰ পৰাই ‘কা’বিৰোধী আন্দোলন কিছু পৰিমাণে হ’লেও স্তিমিত হৈ পৰিছে৷ অতীতৰ তিক্ত অভিজ্ঞতা স্মৰণ কৰি সর্বসাধাৰণ ৰাইজে এটা নতুন দলৰ প্রস্তাৱৰ মাজত সুযোগসন্ধানী ক্ষমতালিপ্সু মানুহৰ উচ্চাকাংক্ষাৰ গোন্ধ পাইছে৷ ৰাইজৰ মন জয় কৰিব পৰা কিছুমান মানুহ নতুন এটা আঞ্চলিক দল গঠন কৰিবলৈ আগবাঢ়ি নাহিলে মাত্র এটা বছৰৰ পাছত অনুষ্ঠিত হ’ব লগা নির্বাচন যুদ্ধত বিজেপিৰ প্রকৃত প্রতিদ্বন্দ্বী কোনোৱেই নাথাকিব যেন অনুমান হৈছে৷ ই এটা গভীৰ দুশ্চিন্তাৰ কাৰণ৷