নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বলীউডৰ জনপ্ৰিয় তাৰকা-মহাতাৰকাৰ চমকেৰে আজি উজলি উঠিব গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদ । বহু প্ৰতীক্ষাৰ অন্তত অন্ত আজি সন্ধিয়া সৰুসজাইত হ’ব বৰ্ণাঢ্য-অভিজাত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান । প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক লৈ মহানগৰীত পৰিলক্ষিত হৈছে ব্যাপক উছাহ-উদ্দীপনা । তাৰকাৰ খদমদমত একপ্ৰকাৰ উদ্বেলিত হৈ পৰিছে গুৱাহাটী মহানগৰী । নিজৰ পছন্দৰ তাৰকাক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ অধীৰ অপেক্ষাত আছে অনুৰাগীসকল । শুকুৰবাৰে পুৱাৰে পৰা সহস্ৰাধিক অনুৰাগীয়ে ভিৰ কৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । কিয়নো বিয়লিৰ ভাগৰ পৰাই গুৱাহাটীত উপস্থিত হ’ল এগৰাকীৰ পাছত আন এগৰাকী বলীউডৰ তাৰকা-মহাতাৰকা । দুখন বিশেষ চাৰ্টাৰ্ড বিমানেৰে বিয়লি প্রায় দুই বজাত বৰঝাৰত অৱতৰণ কৰে মোহময়ী অভিনেত্রী মাধুৰী দীক্ষিতে ৷
প্রায় দুই বাজি পঁচিশ মিনিটত বিমানবন্দৰত ব্যৱস্থা কৰা বিশেষ পথেৰে ওলাই আহে অভিনেত্রীগৰাকী ৷ লগে লগে অনুৰাগীয়ে অভিনেত্রীগৰাকীক চাবলৈ হেতা–ওপৰা লগায় ৷ ইয়াৰ পাছতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পূর্বৰে পৰা বিমানবন্দৰৰ বাহিৰত সাজু কৰি ৰখা বিলাসী বাহনেৰে তেওঁক লৈ যোৱা হয় খানাপাৰাস্থিত তাজ ভিভাণ্টা হোটেললৈ ৷ জানিব পৰা মতে, বিয়লি কিছু সময় হোটেলত জিৰণি লোৱাৰ পাছতে মাধুৰী দীক্ষিতে মঞ্চত নৃত্য আখৰাৰ বাবে উপস্থিত হয় সৰুসজাইত ৷ ইপিনে মাধুৰী দীক্ষিতৰ পাছতে আন এখন বিমানেৰে গুৱাহাটীত উপস্থিত হয় ক্রমে বিশিষ্ট ছবি নির্মাতা কৰণ জোহৰ, জনপ্রিয় অভিনেতা ৰণবীৰ সিং, আয়ুস্মান খুৰানা, বৰুণ ধাৱান আৰু বিকি কৌশল ৷ এই অভিনেতাসকল উপস্থিত হোৱাৰ সময়তো অনুৰাগীৰ মাজত ব্যাপক হর্ষোল্লাস পৰিলক্ষিত হয় ৷ সকলোৱে প্রিয় অভিনেতা–অভিনেত্রীসক স্বচক্ষে প্রত্যক্ষ কৰাৰ অভিজ্ঞতা ম’বাইলত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰে ৷ তেওঁলোককো কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হয় হোটেললৈ ৷
এইকেইগৰাকী শিল্পীয়েও নিশা কটাব তাজ ভিভাণ্টা হোটেলত ৷ প্রাপ্ত তথ্য অনুসৰি আটাইকেইগৰাকী শিল্পীয়ে সন্ধিয়াৰ ভাগত সৰুসজাইত আখৰা কৰে ৷ বিশেষকৈ আজিৰ অনুষ্ঠানৰ হোষ্ট কৰিবলগীয়া কৰণ জোহৰ আৰু বিকি কৌশলে বহু সময় সৰুসজাইৰ মঞ্চত আখৰা কৰে ৷ লক্ষণীয় যে আটাইকেইগৰাকী শিল্পীয়ে ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত প্রদর্শন কৰিবলগীয়া নিজৰ অনুষ্ঠানৰ প্রাৰম্ভিক প্রস্তুতি মুম্বাইত সম্পন্ন কৰিছে ৷ কালি নিশাৰ ভাগত আৰু আজি পুৱা সৰুসজাইৰ অস্থায়ী মঞ্চত কষ্টিউমসহ চূড়ান্ত আখৰা কৰিব ৷ মূলতঃ মঞ্চৰ স্থান, আলোকসজ্জা আৰু সহযোগী নৃত্যশিল্পীৰ সৈতে তাৰকাসকলে আখৰা কৰে ৷ ইপিনে তাৰকাসকলৰ উপস্থিতিৰ বাবে কটকটীয়া কৰি তোলা হৈছে সৰুসজাই ক্রীড়া প্রকল্পৰ নিৰাপত্তা ব্যৱস্থা ৷ মহানগৰ আৰক্ষীৰ লগতে অতিৰিক্তভাৱে প্রয়োজন হোৱা নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ লগতে প্রতিমুহূর্তত নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰিছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে ৷
উল্লেখ্য যে ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে আন একাংশ তাৰকা আজি গুৱাহাটীত উপস্থিত হ’ব ৷ সমান্তৰালভাৱে নিশাৰ ভাগত গুৱাহাটীলৈ আহে ছুপাৰষ্টাৰ অক্ষয় কুমাৰ ৷ প্রাপ্ত তথ্য অনুসৰি, নিশা প্রায় এক বজাত বিশেষ বিমানেৰে তেওঁ গুৱাহাটীত উপস্থিত হয় ৷ যথেষ্ট ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰে বিমানবন্দৰৰ পৰা পোনে পোনে আহে সৰুসজাইলৈ ৷ নিশাৰ ভাগতে তেওঁ আজিৰ অনুষ্ঠানৰ বাবে দুঘণ্টা সময় আখৰা কৰে ৷ ইয়াৰ পাছত তেওঁ জিৰণি লয় খানাপাৰাস্থিত পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টাত ৷ এক বিশেষ সূত্রে জানিব পৰা মতে, অক্ষয় কুমাৰৰ সৈতে আহিছে এটা বৃহৎ দল ৷ তেওঁৰ সৈতে থাকিব প্রায় ত্রিশজনীয়া এটা সহযোগীৰ দল ৷ ইপিনে আজি গুৱাহাটীত উপস্থিত হ’বলগীয়া তাৰকাৰ তালিকাত আছে গোবিন্দা, পৰিণীতি চোপ্রা, জিতেন্দ্র, উর্বশী ৰৌতেলা, ৰাধিকা আপ্তে, ৰমেশ চিপ্পী, ফাৰহান আখতাৰকে ধৰি বহু তাৰকা–মহাতাৰকা ৷ বিশিষ্ট ছবি নির্মাতা ৰমেশ চিপ্পী, মহেশ ভাট, তাৰকা কবীৰ বেদী, ফাৰহান আখতাৰ, চাংকি পাণ্ডে, ভূমি পার্ণেকাৰ, অনন্যা পাণ্ডে, সুৰভিন চাওলা, ঊষা উত্থুপ, ৰাধিকা আপ্তেই বাহৰ পাতিব ৰেডিছন ব্লু হোটেলত ৷ ছুপাৰষ্টাৰ গোবিন্দা আৰু জনপ্রিয় অভিনেত্রী পৰিণীতি চোপ্রাও হ’ব ৰেডিছন ব্লুৰ আলহী ৷
আনহাতে, নৱপ্রজন্মৰ মাজত অত্যন্ত জনপ্রিয় আলিয়া ভাট আলহী হ’ব বিলাসী হোটেল তাজ ভিভাণ্টাৰ ৷ আলিয়াৰ সৈতে আহিবলগীয়া এটা বৃহৎ দলৰ বাবে হোটেলখনৰ কেইবাটাও কোঠা বুক কৰা হৈছে ৷ আনহাতে, বর্ষীয়ান অভিনেতা জিতেন্দ্রই আজি জিৰণি ল’ব আন এখন বিলাসী হোটেল নভ’টেলত ৷ আজি পুৱাৰ ভাগৰ পৰাই এই তাৰকা–মহাতাৰকাৰ গুৱাহাটীলৈ আগমন ঘটিব ৷ উল্লেখ্য যে কেইবাদশক ধৰি অনুষ্ঠিত হৈ অহা ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান প্রথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হৈছে ৷ ইয়াৰ বাবে অসম চৰকাৰ আৰু আয়োজক গোষ্ঠী টাইম্ছ অৱ ইণ্ডিয়াৰ মাজত এখন বুজাবুজি চুক্তিও সম্পন্ন হৈছিল ৷ বিশেষকৈ ৰাজ্যৰ পর্যটন খণ্ডক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ লক্ষ্যৰে এই অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে ৷ অসম পর্যটন উন্নয়ন নিগমে এই উদ্দেশ্য সফল হোৱা বুলি ইতিমধ্যে দাবী কৰিছে৷ মূলতঃ ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে মুকলি কৰা প্রচাৰমূলক ভিডি’ত কেইবাগৰাকীও তাৰকাই অসমৰ কাজিৰঙা, শিৱসাগৰ, বিহু, মানাস, পবিতৰাৰ বিষয়ে উপস্থাপন কৰিছে ৷ ইয়াৰ জৰিয়তে ৰাজ্যৰ পর্যটন ক্ষেত্রই এক নতুন গতি লাভ কৰিব বুলিও আশা কৰা হৈছে ৷
প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈছে৷ মুম্বাইৰ পৰা অহা বৃহৎ কাৰিকৰী এটা দলে নির্মাণ কৰিছে অস্থায়ী মঞ্চ, আলোকসজ্জা ৷ মুঠ ৭,০০৬গৰাকী দর্শকৰ বাবে এই অনুষ্ঠানত আসনৰ ব্যৱস্থা কৰা হৈছে ৷ বুক মাই শ্ব’ আৰু অ’ছাম আছামৰ যোগেদি বিক্রী কৰা হৈছে ফিল্মফেয়াৰৰ টিকট ৷ এহাজাৰ টকাৰ পৰা আৰম্ভ কৰি তিনি লাখ টকালৈকে মূল্য নির্ধাৰণ কৰা হৈছে ফিল্মফেয়াৰৰ টিকটৰ ৷ মুঠৰ ওপৰত বলীউডৰ সর্বশ্রেষ্ঠ এই বঁটা প্রদান অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈ উঠিছে গুৱাহাটী মহানগৰী ৷ লগতে তাৰকা–মহাতাৰকাৰ নৃত্যানুষ্ঠান, সংগীতানুষ্ঠানৰ মায়াজালেৰে ৰঙীন হৈ পৰিবলগীয়া পৰিৱেশৰ মাদকতা ল’বলৈও একপ্রকাৰ সাজু হৈ উঠিছে মহানগৰবাসী ৷ সন্ধিয়া ঠিক ৬ বজাৰৰ লগে লগে ৰঙীন ছাঁ–পোহৰৰ মাজেৰে অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ সাফল্যমণ্ডিত কৰিবলৈ সকলো প্রকাৰে প্রস্তুতি সম্পন্ন কৰিছে প্রশাসনেও ৷