সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধ
সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ আপোচহীন স্থিতি সত্ত্বেও কূটাঘাতৰ লক্ষ্য হৈ ৰৈছে দেশখন৷ শেহতীয়াকৈ চোৰাংচোৱা সংস্থাই প্রকাশ কৰা তথ্য অনুসৰি জইচ–ই–মহম্মদৰ নেতৃত্বত কেইবাটাও সন্ত্রাসবাদী সংগঠনে সন্মিলিতভাৱে ভাৰতক সন্ত্রাসবাদী আক্রমণৰ লক্ষ্য কৰি লোৱাৰ ষড়যন্ত্র কৰিছে৷ এই গোটেই ষড়যন্ত্রৰ আঁৰত আছে চিৰবৈৰী প্রতিৱেশী দেশ পাকিস্তান৷ চোৰাংচোৱাৰ তথ্য মতে, আই এছ আইৰ পৃষ্ঠপোষকতাত জইচ–ই–মহম্মদৰ নেতৃত্বত গঠন কৰা হৈছিল ‘গজনবী ফ’চ’৷ এবছৰ পূর্বে ১৪ ফেব্রুৱাৰীৰ দিনা সংঘটিত পুলাৱামা কাণ্ডৰ পুনৰাবৃত্তি ঘটোৱাৰ আশংকা কৰা হৈছে৷ স্বাভাৱিকতে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে এনে সম্ভাব্য কূটাঘাত প্রতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ পুলৱামা কাণ্ডৰ পাছত সন্ত্রাসবাদীয়ে ভাৰতত কোনো ডাঙৰ কূটাঘাত সংঘটিত কৰিবলৈ সক্ষম হোৱা নাই যদিও ইয়াত আত্মসন্তুষ্টিৰ অলপো স্থান থাকিব নোৱাৰে৷ কিয়নো সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধৰ মুকলি ঘোষণা কৰা ভাৰত সদায়ে এনে সংগঠনৰ চকুৰ কুটা, দাঁতৰ শূল হৈ ৰৈছে৷ ইয়াৰ লগতে আছে পাকিস্তানৰ ষড়যন্ত্রমূলক কার্যকলাপ৷ চোৰাংচোৱা বাহিনীৰ শেহতীয়া সতর্কবাণীক সেয়ে এক মুহূর্তৰ বাবেও উপেক্ষা কৰিব নোৱাৰি৷ ভাৰতে পাকিস্তানত আশ্রিত সন্ত্রাসবাদী সংগঠনৰ কূটাঘাতৰ প্রত্যুত্তৰ দিবলৈ ছার্জিকেল ষ্ট্রাইক চলাই চুবুৰীয়া দেশখনক সতর্ক কৰি দিছে যে তেওঁলোকৰ এনেধৰণৰ কার্যকলাপ সহ্য কৰা নহ’ব৷ নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে সন্ত্রাসবাদীৰ নির্দয় আক্রমণৰ পাছত হাত সাবটি বহি নাথাকে বুলি ইতিমধ্যে কামে–কাজে দেখুৱাই দিছে৷ পুলুৱামা কাণ্ডৰ পাছতেই বালাকোটৰ এয়াৰ ষ্ট্রাইকেৰে ভাৰতে এই কথা স্পষ্ট কৰি দিছিল৷ কিন্তু ইয়াৰ পাছতো পাকিস্তানৰ ৰক্ষণাবেক্ষণত সন্ত্রাসবাদী সংগঠনসমূহে ভাৰতবিৰোধী ষড়যন্ত্র অব্যাহত ৰাখিছে৷ স্বাভাৱিকতে প্রশ্ণ উত্থাপন হয়– ছার্জিকেল ষ্ট্রাইকৰ দৰে পদক্ষেপেৰে কিমান দিনলৈ ভাৰতে পোটক তুলি থাকিবলগীয়া হ’ব? অন্য দেশৰ ভিতৰত সোমাই বাৰে বাৰে এনেদৰে আক্রমণ কৰা কার্যই সদায় আন্তঃৰাষ্ট্রীয় সমর্থন লাভ কৰি থাকিব পাৰিবনে?
২০১৬ চনৰ ছেপ্টেম্বৰত উৰিৰ সন্ত্রাসবাদী আক্রমণৰ পাছতে ভাৰতে চলাইছিল ছার্জিকেল ষ্ট্রাইক৷ সন্ত্রাসবাদৰ বিৰুদ্ধে প্রত্যুত্তৰ দিয়াৰ ক্ষেত্রত এয়া আছিল ভাৰতৰ সম্পূর্ণ নতুন পন্থা৷ ৰাজনৈতিকভাৱে এতিয়াও চৰকাৰে এনে এক স্থিতি প্রদর্শন কৰি আহিছে যে সন্ত্রাসবাদীৰ জৰিয়তে পাকিস্তানৰ ষড়যন্ত্রৰ প্রত্যুত্তৰ এনেদৰেই শক্তিশালীভাৱে দিয়া হ’ব৷ কিন্তু ভাৰতৰ এনে দৃষ্টিভংগীয়ে আন্তঃৰাষ্ট্রীয় সমর্থন নাপাবও পাৰে৷ ভাৰতে এনেধৰণৰ আক্রমণ প্রতিৰোধ কৰিবলৈ সকলো ধৰণৰ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷ প্রতিশোধ লোৱাটো পাছৰ কথা, প্রথমে নিশ্চিত কৰিব লাগিব যাতে এনেধৰণৰ কূটাঘাত সন্ত্রাসবাদীয়ে সংঘটিত কৰিব নোৱাৰে৷ ইয়াৰ বাবে চোৰাংচোৱা সংস্থাসমূহক শক্তিশালী কৰাটো অত্যন্ত জৰুৰী৷ সেইদৰে কূটনৈতিকভাৱে পাকিস্তানৰ চৰকাৰক ভাৰতবিৰোধী ষড়যন্ত্রত লিপ্ত সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ হেঁচা দিব লাগিব৷ পুলৱামা কাণ্ডৰ পাছত পাকিস্তানৰ ওপৰত ইতিমধ্যে তীব্র আন্তঃৰাষ্ট্রীয় চাপ সৃষ্টি কৰা হৈছে৷ এই ধাৰা অব্যাহত ৰাখিবলৈ নতুন দিল্লীয়ে প্রতিটো কূটনৈতিক পদক্ষেপ শুদ্ধ আৰু সময়োচিতভাৱে ল’বই লাগিব৷ পাকিস্তানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পর্ক অদূৰ ভৱিষ্যতে সন্তোষজনক হৈ উঠিব বুলি ক’ব পৰা এটা অৱস্থা এতিয়াও অহা নাই৷ তথাপি শীর্ষ পর্যায়ত সঘন যোগাযোগ দুয়োখন দেশৰ মাজত থকাটো ভাৰতৰ পক্ষেই লাভজনক হ’ব বুলি ক’ব পাৰি৷ সমান্তৰালভাৱে ভাৰতে পুলৱামা কাণ্ডৰ তদন্তৰ সবিশেষ প্রকাশ কৰাটোও জৰুৰী৷ পাকিস্তানৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে, তাক তথ্যসহ প্রমাণ কৰিব নোৱাৰাটো ভাৰতৰ বাবে অস্বস্তিদায়ক হৈ পৰিব পাৰে ৷