ছফীৰে বিবাহ বিচ্ছেদ কানাডাৰ প্ৰধানমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ৩ আগষ্ট : “ছফী আৰু মই এই কথাটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে বহু অৰ্থপূৰ্ণ আৰু কঠিন কথা-বতৰাৰ অন্তত আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছোঁ।’- ৫১ বছৰীয়া জাষ্টিনে ২ আগষ্টত ইনষ্টাগ্ৰামৰ জৰিয়তে ১৮ বছৰীয়া বৈবাহিক জীৱনৰ অন্তত পত্নী ছফী গ্ৰেগ’ৰ ট্ৰুডোৰে বিচ্ছেদৰ কথা ঘোষণা কৰে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফী গ্ৰেগ’ৰ ট্ৰুডোৱে বুধবাৰে হঠাত ইনষ্টাগ্ৰামত বিচ্ছেদৰ কথা ঘোষণা কৰাত দম্পতীটোৰ ১৮ বছৰীয়া সাংসাৰিক জীৱনৰ অন্ত পৰে। কানাডাৰ সংবাদ মাধ্যমৰ মতে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মুখপাত্ৰ এলিছন মাৰ্ফীয়ে নিশ্চিত কৰিছে যে দুয়োজনে “আইনী পৃথকীকৰণ চুক্তি”ত স্বাক্ষৰ কৰিছে। ২০০৫ চনৰ মে’ মাহত ট্ৰুডো আৰু গ্ৰেগ’ৰ ট্ৰুডোৰ বিবাহ হয়। দহ বছৰৰ পাছত ট্ৰুডো প্ৰধানমন্ত্ৰী হয় আৰু ৰঙীন সাজ-পোছাক পৰিহিত দম্পতীটো বিশ্বৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহে। গ্ৰেগ’ৰ ট্ৰুডো আছিল এগৰাকী প্ৰাক্তন মনোৰঞ্জন সাংবাদিক আৰু সৰুৰে পৰা তেওঁ জাষ্টিন ট্ৰুডোক চিনি পাইছিল। তেওঁলোকৰ তিনি সন্তানৰ নাম জেভিয়াৰ (১৫), এলা গ্ৰেচ (১৪) আৰু ৯ বছৰীয়া হেড্ৰিয়েন। বিশেষকৈ জন্মদিন আৰু বিবাহ বাৰ্ষিকীত তেওঁলোকে প্ৰায়ে ৰাজহুৱাভাৱে প্ৰেম প্ৰকাশ কৰিছিল আৰু একতা প্ৰদৰ্শন কৰিছিল। যোৱা কিছু বছৰত দম্পতীটোৱে নিজৰ বৈবাহিক জীৱন সন্দৰ্ভত কিছু মন্তব্য আগবঢ়োৱাৰ পিছত হঠাত বুধবাৰে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে।