নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত বিষাক্ত পাৰ্থেনিয়াম

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : নগাঁও জিলাৰ ৰহাৰ লগতে বিভিন্ন ঠাইত দিনকদিনে বৃদ্ধি পাইছে বিষাক্ত উদ্ভিদ পাৰ্থেনিয়ামৰ প্ৰভাৱ। ৰাস্তা-ঘাটৰ পৰা বৰ্তমান কৃষিভূমিলৈ বিস্তাৰিত হৈছে ইয়াৰ বংশ। পিছে কি এইবিধ পাৰ্থেনিয়াম ? ই কি কৰে। অৰ্থাৎ উপকাৰ বা অপকাৰ কি, হয়তো চহা গ্ৰামাঞ্চলৰ কৃষকসকলৰ লগতে বহুতে জ্ঞাত নহয়! কিন্তু এই উদ্ভিদবিধৰ বিষয়ে ভালদৰে জানিলে হয়তো আপোনাৰো চকু কপালত উঠিব। তথ্য অনুসৰি, এইবিধ উদ্ভিদৰ নাম পাৰ্থেনিয়াম। সদায় আৰু সকলো মানুহে দেখা এই উদ্ভিদ এতিয়া ৰহাৰ লগতে নগাঁৱৰ বিভিন্ন অঞ্চলত উভৈনদী। বিশেষকৈ ৰাষ্ট্ৰীয় ৩৭ নং (২৭ নং) ঘাইপথৰ ডিভাইডাৰ আৰু পথৰ দাঁতিত নাৰ্জী ফুলৰ পাতৰ দৰে দেখাত আৰু বগা ৰঙৰ ফুল থকা উদ্ভিদবিধেই পাৰ্থেনিয়াম। জানিব পৰা মতে, এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম “পাৰ্থেনিয়াম হাইড্ৰফ’ৰাছ”। প্ৰাপ্ত তথ্য মতে, উত্তৰ আমেৰিকাত আৱিষ্কৃত পাৰ্থেনিয়াম নামৰ এইবিধ উদ্ভিদ অতি বিষাক্ত! কিন্তু শেহতীয়াকৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাই, চুবুৰীয়া বাংলাদেশতো ব্যাপকভাৱে বংশবৃদ্ধি হৈ মানৱ জাতিৰ লগতে তৃণভোজী জন্তুবোৰলৈ অশনি সংকেত কঢ়িয়াই আনিছে। তথ্যটিত উল্লেখ অনুসৰি, পাৰ্থেনিয়াম নামৰ এইবিধ উদ্ভিদ ভাৰতবৰ্ষৰ দহ বিষাক্ত উদ্ভিদৰ ভিতৰত অন্যতম। এইবিধ উদ্ভিদ যদি কৰ’বাত এবাৰ গজি ওলায়, তেন্তে অতি কম সময়ৰ ভিতৰত বিস্তাৰিত হয় বহু দূৰলৈ। গছবিধৰ গুটি আৰু ৰেণুৰ দ্বাৰাও  বংশবৃদ্ধি হয় বুলি উল্লেখ। তদুপৰি পাৰ্থেনিয়াম উদ্ভিদৰ পৰা গৰু, ছাগলী, ভেড়া আদি  বদহজম, জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয় আৰু মৃত্যু পৰ্যন্ত হ’ব পাৰে । লগতে মানৱ শৰীৰত খজুৱতি, এলাৰ্জী , হাপানী ইত্যাদি ৰোগো সৃষ্টি কৰে। ইয়াক পুৰি পেলোৱাৰ বাহিৰে বংশ বৃদ্ধি ৰোধ কৰিব নোৱাৰি বুলিও  উল্লেখ তথ্যটিত। এনেবোৰ ভয়াৱহ গুণেৰে পৰিপূৰ্ণ পাৰ্থেনিয়াম উদ্ভিদৰ বৰ্তমান বংশবৃদ্ধিয়ে ৰহা-নগাঁৱত সৃষ্টি কৰিছে এক উদ্বেগ। ৰহাৰ স্থানীয় একাংশ কৃষকৰ মতে, সঁচাকৈয়ে খেতিপথাৰত এইবিধ উদ্ভিদৰ বংশবৃদ্ধি অতি দ্ৰুত। কিন্তু এনেবোৰ বিষাক্ত পাৰ্থেনিয়ামক লৈ  এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সম্পূৰ্ণ নীৰৱ!  কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তত্ত্বাৱধানত থকা ৰাষ্ট্ৰীয় ৩৭নং ঘাইপথৰ  ডিভাইডাৰৰ মাজত বাগিচাৰ দৰে ফুলি আছে বিষাক্ত পাৰ্থেনিয়াম ! উল্লেখ্য যে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সময়ত বহিঃৰাজ্যৰ পৰা অহা পথ নিৰ্মাণ কোম্পানীৰ যান-বাহনবোৰত  অহা বিষাক্ত উদ্ভিদবোৰৰ বীজে এতিয়া বৃদ্ধি হৈ ছানি ধৰিছে চাৰি শাখাযুক্ত ঘাইপথৰ ডিভাইডাৰ আৰু পথৰ দাঁতি। নিয়ম অনুসৰি ঘাইপথৰ ডিভাইডাৰত ফুলৰ বাগিচা ৰোপণ কৰিব লাগিছিল যদিও এতিয়া বিষাক্ত পাৰ্থেনিয়ামে শোভাবৰ্ধন কৰে ৰাষ্ট্ৰীয় ৩৭নং ঘাইপথৰ। কিন্তু এই ক্ষেত্ৰত কাণসাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অথবা জিলা প্ৰশাসনৰ। এক সূত্ৰৰ পৰা জানিব পৰা মতে, বিষাক্ত পাৰ্থেনিয়ামৰ পৰা পৰিত্ৰাণ পাবলৈ বা ধ্বংস কৰিবলৈ পশ্চিমবংগ চৰকাৰে কিছু ব্যৱস্থা হাতত লৈছে। বিশেষকৈ কৃষকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ পশ্চিমবংগ চৰকাৰৰ কৃষি বিভাগে ব্যৱস্থা হাতত লৈছে। কিন্তু বৰ্তমান সময়ত ৰহা অথবা নগাঁৱৰ ঘাইপথৰ ডিভাইডাৰত সেউজীয়া দলিচাৰ দৰে গজি উঠা বিষাক্ত পাৰ্থেনিয়ামক ধ্বংস কৰা বা পথৰ পৰা চাফা কৰা কোনো ব্যৱস্থা ৰাজ্যৰ কৃষি বিভাগে গ্ৰহণ কৰা দেখা নাই। এই ক্ষেত্ৰত সচেতন মহলে ঘাইপথ প্ৰাধিকাৰী, জিলা প্ৰশাসন আৰু কৃষি বিভাগক বিষাক্ত পাৰ্থেনিয়াম নিৰ্মূলকৰণ বা প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।
প্ৰেৰক ভৱজ্যোতি ডেকা
You might also like