নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত উন্নত জাতৰ কলখেতিৰে দেখুৱাইছে নিদৰ্শন

🔹 কলখেতিও হ’ব পাৰে স্বাৱলম্বিতাৰ পথ
নিয়মীয়া বাৰ্তা,  ৮ আগষ্ট : কলখেতিও হব পাৰে নিবনুৱাৰ বাবে এক সুন্দৰ আয়ৰ উৎস, এই কথা একপ্ৰকাৰ প্ৰমাণ কৰি দেখুৱালে পাটাছাৰকুছিৰ বেজকুছি গাঁৱৰ এজন অশীতিপৰে ৷ পাটাছাৰকুছিৰ বেজকুছি নিবাসী অশীতিপৰ লোকজনৰ নাম হৈছে শ্ৰীপদ চৌধুৰী৷ তেওঁ পৰীক্ষামূলকভাৱে অঞ্চলটোত কলখেতিৰ প্ৰচুৰ সম্ভাৱনাৰ কথা আৱিষ্কাাৰ কৰিলে ৷ কলখেতিৰ দ্বাৰাই কম কষ্টেৰে ঘৰৰ ওচৰত পৰি থকাৰ মাটিখিনি ব্যৱহাৰ কৰি লাভান্বিত হোৱাৰ যথেষ্ট সম্ভাবনা আছে, অসমৰ লগতে বিশেষকৈ বৰপেটা জিলাৰ জলবায়ু কলখেতিৰ বাবে যথেষ্ট উপযোগী৷ সেয়ে নিবনুৱাসকলে হাত সাবটি বহি নাথাকি উন্নত জাতৰ কলখেতিৰে নিজৰ উপাৰ্জনৰ পথ মুকলি কৰি লব পাৰে ৷ কিয়নো কলখেতিত অন্য খেতি তুলনাত কম কষ্টেৰে কৰিব পাৰি আৰু উন্নত জাতৰ কল ৰোপণেৰে এবছৰৰ ভিতৰতে অধিক ফল পাব পাৰি৷- এনেদৰে ক’লে পাটাছাৰকুছিৰ বেজকুছি নিবাসী বয়সৰ জোখাৰে অশীতিপৰ যদও চফল ডেকাৰ দৰে জীৱন যাপন কৰা শ্ৰীপদ চৌধুৰীয়ে৷ চৌধুৰীয়ে বয়সৰ ওচৰত হাৰ নামানি সদায় ডেকা হৈয়েই থাকিব বিচাৰে, সেয়া তেওঁ নিজৰ কামৰ মাজেৰেই প্ৰমাণ কৰি দেখুৱাইছে৷ নিজৰ ঘৰৰ চৌহদ আশ্ৰমসদৃশ কৰি সজাই তুলিছে বিভিন্ন উদ্যান শস্যৰে ৷ মীন পালনেই হওক, হাঁহ-কুকুৰা পালন, গো পালন, উন্নত জাতৰ ধানৰ খেতি, সামাজিক কাম-কাজ, লিখা-মেলা সকলোতেই আগৰণুৱা লোকজনে সমাজৰ বাবে বা নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ জিলিকি উঠিছে ভিন্ন ক্ষেত্ৰত৷ অসমৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান বাণী প্ৰকাশ পৰিয়ালৰ এগৰাকী সদস্য চৌধুৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যত প্ৰতিবছৰে ধানো যোগান ধৰি আহিছে চৰকাৰক ৷ ক্ৰীড়া সংগঠনৰ ক্ষেত্ৰত থকা অৱদানৰ বাবে চৰকাৰে বিশেষ সন্মান যচাৰ উপৰি এককালীন আৰ্থিক অনুদানো আগবঢ়াইছে৷ কলখেতিৰে নিদৰ্শন দেখুওৱা চৌধুৰীয়ে জাগীৰোডত থকা ডেফোদিল নাৰ্চাৰীৰ স্বত্বাধিকাৰী ড° ধ্ৰুৱজ্যোতি শৰ্মাৰ সান্নিধ্যলৈ আহি তেওঁ পৰীক্ষামূলকভাৱে গ্ৰীন ১৯ আৰু ৰেড ৭০ জাতৰ টিচু কালচাৰযোগে উৎপাদন কৰা পুলি সংগ্ৰহ কৰি কিনি আনিছিল ৷ মনত হেঁপাহ এক নতুন পৰীক্ষাৰে কল উৎপাদনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা৷ গ্ৰীন ১৯ প্ৰতিজোপাত ১৫ টকা আৰু ৰেড ৩০ৰ প্ৰতিটো পুলিত ৩০ টকা দৰত শতাধিক কলপুলি ৰোপণ কৰিছিল ৷ কোনোধৰণৰ বিশেষ সাৰ প্ৰয়োগ নকৰাকৈ ঘৰুৱা গোবৰ-জাবৰ প্ৰয়োগ কৰি কৰা কলখেতিডৰা লহপহকৈ বাঢ়ি আহিছে ৷ শতাধিক কলত থোক পৰি নদন-বদন হৈ পৰিছে খেতিডৰা৷ হেঁপাহৰ খেতিডৰাত আনন্দৰে বিচৰণ কৰি পৰম শান্তি লভিছে তেওঁ৷ প্ৰতিজোপা কলতেই থোক পৰিছে৷ তুলনামূলকভাৱে প্ৰতি থোক কলতেই বহু আখি কল আছে৷ গছবোৰৰ কিছুমানত কলৰ ভিৰতে ভাগি নপৰাকৈ ঢকা দিব লগা হৈছে৷ শাৰী শাৰী থোক পৰা কলৰ উপস্থিতিত মুঠতে এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে৷ ইতিমধ্য অগণন পুলিও নতুনকৈ গজি উঠিছে ৷ সেইবোৰেৰে এইবাৰ আৰু খেতিডৰা সম্প্ৰসাৰণ কৰাৰ সপোন দেখিছে চৌধুৰীয়ে৷ এই প্ৰতিবেদকক জনোৱা অনুসৰি এই খেতি তেওঁৰ বাৰীতে সীমাবদ্ধ নাৰাখি অঞ্চলটোত আগ্ৰহী লোককো এনে খেতি কৰাত মনোনিৱেশ কৰাৰ বাবে তেওঁ আহবান জনাইছে, কিয়নো বজাৰত কলৰ চাহিদা আৰু মুল্য যথেষ্টখিনি আছে আাৰু এই চাহিদা পূৰাবলৈ নিতৌ বহু দূৰ-দূৰণিৰ পৰা অঞ্চলটোলৈ কল অনা হয়৷ এই পৰিপ্ৰেক্ষিতত অঞ্চলটোত কল খেতিৰে এক জাগৰণ সৃষ্টি কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ সবল হব বুলিও তেওঁ দৃঢ় বিশ্বাসী ৷ ভৱিষ্যতে নিজৰ আশ্ৰমসদৃশ এলেকাটোত বাহিৰা লোকৰ পৰিভ্ৰমণৰ বাবে সুবিধা কৰাৰ লগতে বিভিন্ন সুবিধাৰে এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ সপোন পুহি ৰাখিছে৷

প্ৰেৰক উৎপল মেধি

You might also like