বিশেষ বাৰ্তা, ৮ আগষ্টঃ এনচিপিৰৰ মুৰব্বী শাৰদ পাৱাৰে আজি দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক থমাছ কে থমাছক কাৰ্যনিৰ্বাহক সমিতিৰ পৰা অপসাৰণ কৰে। গুৰুতৰ অনুশাসনহীনতাৰ উদ্ধৃতি দি এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে পাৱাৰে। থমাছে কেৰালা বিধানসভাত কুট্টানাড সমষ্টিক প্ৰতিনিধিত্ব কৰে। কেৰালাৰ শাসকীয় বাঁও গণতান্ত্ৰিক মৰ্চা (এল ডি এফ)ৰ অংশ এন চি পি। এন চি পিয়ে দলটোৰ বিধায়কগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে যেতিয়া এদিন পূৰ্বে থমাছে নিজৰ দলৰ একাংশ সদস্যৰ পৰা নিজৰ জীৱনলৈ ভাবুকি অহা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যৰ আৰক্ষী অধীক্ষকক অভিযোগ দিছিল। সংবাদ সংস্থা পিটিআইৰ মতে, এনচিপিৰ ৰাজ্যিক সভাপতি পিচি চাকোৱে থমাছৰ অভিযোগ খাৰিজ কৰি ইয়াক মূৰ্খামি বুলি অভিহিত কৰে। একে সময়তে পাৱাৰে থমাছলৈ প্ৰেৰণ কৰা এখন পত্ৰত লিখিছে যে সৰ্বভাৰতীয় সভাপতি আৰু ৰাজ্যিক সভাপতিৰ কৰ্তৃত্বক মুকলিকৈ অৱজ্ঞা কৰি দলৰ সদস্যসকলৰ বিৰুদ্ধে দায়িত্বজ্ঞানহীন অভিযোগ উত্থাপন কৰি গণতান্ত্ৰিক ফ্ৰণ্টত দলৰ ভাবমূৰ্তি কলংকিত কৰা হৈছে। ইয়াৰ উপৰিও পত্ৰখনত শাৰদ পাৱাৰে কয়, দলত আপোনাৰ স্থানৰ অপব্যৱহাৰ কৰি মিছা অভিযোগ দাখিল কৰাটো জনসাধাৰণৰ মাজত ভাল সংকেত দিবলৈ যোৱা নাই। আপোনাৰ ফালৰ পৰা গুৰুতৰ অনুশাসনহীনতাৰ পৰিপ্ৰেক্ষিতত মই আপোনাক পৰামৰ্শ দিছো যে আপোনাক এনচিপিৰ কাৰ্যনিৰ্বাহক সমিতি পৰা আঁতৰাই দিয়া হৈছে। এন চি পিৰ বিধায়ক থমাছে সোমবাৰে কয় যে তেওঁ ৰাজ্যখনৰ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰিছে যে দলৰ একাংশ সদস্যই তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছে যাতে আলাপ্পুজাৰ কুট্টানাডৰ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।