বিশেষ বাৰ্তা, ১৩ আগষ্ট : আজি বঙাইগাঁও ভ্ৰমণ কালত সাংবাদিকৰ আগত মন্ত্ৰী পীয়ূষ হাজৰিকাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ কয় যে অহাবাৰ নিৰ্বাচনত খিলঞ্জীয়া বিধায়কৰ সংখ্যা বৃদ্ধি পাব। আগন্তুক নিৰ্বাচনত প্ৰায় ১০২জন খিলঞ্জীয়া বিধায়কৰ ভিতৰত সকলো বিজেপি মিত্ৰজোঁটৰে বিধায়ক থাকিব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ কংগ্ৰেছ এতিয়া ভীতিগ্ৰস্ত। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি সকলো বিৰোধী দলৰ সংখ্যালঘুক লৈ খোলা দোকানখন ইতিমধ্যে বন্ধ হৈছে। লগতে তেওঁ কয়- তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিছে। তেওঁলোকৰ খিলঞ্জীয়াৰ প্ৰতি কোনো চিন্তা নাই। খিলঞ্জীয়াৰ বাবে চিন্তা কৰিবলৈ আমি আছোঁ। তদুপৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰী হাজৰিকাই কয় যে অসমত ১২খন আসনত বিজেপি জয়ী হ’ব। দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি শাসনলৈ আহিব। উক্ত প্ৰসংগতে মন্ত্ৰী হাজৰিকাই কয় যে মোদীৰ শাসন কালতেই দেশৰ অৰ্থনীতিৰ যথেষ্ট উন্নতি হৈছে। বিগত বৰ্ষৰ তুলনাত জিএছটি সংগ্ৰহ ১১ শতাংশ বৃদ্ধি পাইছে। প্ৰতি বছৰত জিএছটি সংগ্ৰহ বহু পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে। দেশখন এনেদৰে প্ৰগতিৰ পথত আগবাঢ়িছে, সেয়া সকলো ৰাইজে জানে। সেইবাবেই ৰাইজৰ আস্থাৰে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি শাসনলৈ আহিব।