নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্রোহী সমস্যাৰ সমাধান

২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বিদ্রোহী সমস্যাৰ সমাধান কৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ বিশেষ তৎপৰ হৈছে৷ আশীৰ দশকৰ পৰা আৰম্ভ হোৱা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সশস্ত্র উগ্রপন্থীৰ কার্যকলাপে বিগত কেইবাদশক ধৰি অঞ্চলটো অস্থিৰ কৰি ৰাখিছে৷ বিগত প্রায় দুটা দশকত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ অধিকাংশ উগ্রপন্থী সংগঠনে আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু ইয়াৰে কেইবাটাও সশস্ত্র সংগঠনৰ স’তে কেন্দ্রীয় চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে৷ কিন্তু অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সশস্ত্র সংগঠনসমূহৰ জন্মৰ অন্তৰালত থকা এন এছ চি এন আৰু আলফাৰ স’তে আলোচনা প্রক্রিয়া এতিয়াও সফল হৈ উঠা নাই৷ আলফা আৰু এন এছ চি এনৰ স’তে শান্তি আলোচনা অবিহনে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলত শান্তিৰ বাতাৱৰণ সৃষ্টি কৰাটো সহজসাধ্য নহয়৷ এই কথাও স্পষ্ট যে বিগত দুটা দশকত এন এছ চি এন আৰু আলফাৰ শক্তি বহু পৰিমাণে হ্রাস হৈছে৷ সশস্ত্র উগ্রপন্থীৰ প্রতি সর্বসাধাৰণৰ আস্থা আৰু বিশ্বাস নোহোৱা হৈছে৷ বিভিন্ন সমস্যাত ভাৰাক্রান্ত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ আশাব্যঞ্জক বিকাশৰ দিশটোত দীর্ঘকাল কেন্দ্রীয় চৰকাৰে অৱজ্ঞা কৰি আহিছে৷ এনে অৱহেলা আৰু বঞ্চনাৰ বাবেই দিল্লীত থকা কেন্দ্রীয় চৰকাৰখনৰ প্রতি উত্তৰ–পূর্বাঞ্চলৰ ৰাইজৰ দীর্ঘদিনীয়া ক্ষোভ আৰু অসন্তুষ্টি আছে৷ ফলত ইয়াৰ সুযোগ–সুবিধা অঞ্চলটোৰ উগ্রপন্থীসমূহে গ্রহণ কৰাৰ সুযোগ লাভ কৰিছিল৷ কিন্তু সময় এতিয়া বহু সলনি হৈছে৷ বিগত কিছু বছৰৰ পৰা অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে বিশেষ গুৰুত্ব প্রদান কৰা দেখা গৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ জনসমর্থন লাভ কৰাৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু শাসকীয় দলটোৰ নেতৃত্বই গ্রহণ কৰা তৎপৰতাৰ বাবেই অঞ্চলটোৰ উগ্রপন্থী সমস্যাৰ স্থায়ী সমাধানৰ দিশে অগ্রসৰ হৈছে৷ এতিয়া আলফা আৰু এন এছ চি এনৰ স’তে আলোচনা প্রক্রিয়া ফলপ্রসূ হ’লে নিশ্চিতভাৱে উত্তৰ–পূর্বাঞ্চলত দীর্ঘকাল বিৰাজ কৰি থকা অস্থিৰতা দূৰ হ’ব৷ আলফাৰ স’তে গেঁঠেলা মাৰি থকা আলোচনা প্রক্রিয়া ১৮ আগষ্টত পুনৰ আৰম্ভ হৈছে৷ নতুন দিল্লীত অনুষ্ঠিত আলোচনাত কেন্দ্রীয় চৰকাৰৰ হৈ মধ্যস্থতাকাৰী এ কে মিশ্রই নেতৃত্ব লৈছে৷ আলোচনাত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, বৈদেশিক সচিব শশ চৌধুৰী প্রমুখ্যে সংগঠনটোৰ শীর্ষ নেতাসকল উপস্থিত আছিল৷ এই আলোচনাৰ অগ্রগতি কিমানদূৰ হৈছে, সেয়া এতিয়াও ৰাজহুৱা হোৱা নাই৷ কিন্তু আলোচনা প্রক্রিয়াৰ পৰা এতিয়াও আঁতৰত আছে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা৷ পৰেশ বৰুৱা অবিহনে আলফাৰ স’তে আলোচনা প্রক্রিয়া ফলপ্রসূ হ’ব বুলি আশা কৰিব নোৱাৰি৷ আলোচনা প্রক্রিয়াত পৰেশ বৰুৱাক সৈমান কৰাটো কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব৷ এইক্ষেত্রত পৰেশ বৰুৱায়ো অসমৰ সর্বাংগীণ বিকাশ আৰু শান্তি স্থাপনৰ ক্ষেত্রত ইতিবাচক সঁহাৰি প্রদান কৰাটো অসমবাসীয়ে বিচাৰিছে৷
একে সময়তে এন এছ চি এনৰ স’তে আলোচনা প্রক্রিয়া খৰতকীয়াকৈ সম্পন্ন কৰিবলৈ কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ২১ আগষ্টত এন এছ চি এনৰ স’তেও শান্তি আলোচনা প্রক্রিয়া পুনৰ আৰম্ভ কৰিছে কেন্দ্রীয় চৰকাৰে৷ মধ্যস্থতাকাৰী এ কে মিশ্রৰ উদ্যোগত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ আলোচনাত এন এছ চি এন (আই এম)ৰ অধ্যক্ষ থুইংগালেং মুইভাকে ধৰি সংগঠনটোৰ শীর্ষনেতাসকল উপস্থিত আছে৷ উত্তৰ–পূর্বাঞ্চলৰ সশস্ত্র সংগ্রামৰ পিতামহ আখ্যা দিয়া হয় এন এছ চি এনক৷ নেতৃত্বকেন্দ্রিক বিবাদৰ বাবে এন এছ চি এন প্রথমে ঈছাক মুইভা আৰু খাপলাং গোটত বিভাজন হৈছিল৷ আলফাই ঘাইকৈ সম্পর্ক স্থাপন কৰিছিল এন এছ চি এনৰ খাপলাং গোটৰ স’তে৷ লক্ষণীয় এয়ে যে এন এছ চি এনৰ খাপলাং গোটৰ স’তে আলোচনা প্রক্রিয়াই এতিয়াও বিশেষ গতি লাভ কৰা নাই৷ অসমত আলফাৰ জন্মৰ পাছত প্রায় তিনি দশক ধৰি ৰাজ্যখনত বিৰাজ কৰা হত্যা–হিংসা–অপহৰণ্, লুণ্ঠন আদিৰ বিভীষিকাই বিস্তৰ ক্ষতি কৰিছে৷ ১০ হাজাৰৰো অধিক লোক নিহত হৈছে৷ সহস্রাধিক লোক ঘুণীয়া হৈছে৷ আলফাক নিঃশেষ কৰিবলৈ সেনাৰ নেতৃত্বত তিনি দশকজোৰা সামৰিক অভিযান চলোৱা হৈছিল৷ সেনাৰ নেতৃত্বত দুটা বিশেষ অভিযান চলায়ো আলফাক নিঃশেষ কৰিব পৰা নাছিল৷ মাথোঁ সামৰিক অভিযানৰ জৰিয়তে বিদ্রোহী সমস্যাৰ সমাধান যে সম্ভৱ নহয় সেয়া অসমত আলফাবিৰোধী অভিযানে প্রমাণ কৰিছে৷ এতিয়া প্রশাসনীয় আৰু ৰাজনৈতিক পর্যায়ত আলফাৰ স’তে আলোচনা প্রক্রিয়া আগবঢ়াই নিয়া হৈছে৷ মূল সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ হ’লে অর্থপূর্ণ আলোচনাৰ মাজেৰেই হ’ব৷ এইক্ষেত্রত উভয় পক্ষৰ সদিচ্ছা অতি জৰুৰী৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠী লোকৰ অধিকাৰ প্রতিষ্ঠা কৰিবলৈ আলফাৰ নেতৃত্বই ফলপ্রসূ আলোচনাৰ বাট মুকলি কৰিব পাৰে৷ অসম চুক্তিৰ ৬নং দফাত অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ প্রদান কৰাৰ প্রতিশ্রুতি দিয়া হৈছিল যদিও বিগত চাৰি দশকে এইক্ষেত্রত তিলমানো পদক্ষেপ গ্রহণ কৰা নহ’ল৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দর্ভত কেন্দ্রীয় চৰকাৰে ২০১৯ত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে দুবছৰ পূর্বে প্রতিবেদন দাখিল কৰিছিল যদিও সেই প্রতিবেদনখন চৰকাৰে গ্রহণ কৰা–নকৰা সন্দর্ভত এতিয়াও স্পষ্ট হৈ উঠা নাই৷ অৱশ্যে উচ্চস্তৰীয় কমিটীৰ পৰামর্শৰ প্রভাৱ শেহতীয়াকৈ ৰাজ্যখনৰ সমষ্টি পুনৰ নির্ধাৰণত প্রতিফলিত হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ প্রতিষ্ঠাৰ বাবে উচ্চস্তৰীয় কমিটীয়ে যিসমূহ পৰামর্শ দিছিল তাৰ অন্যতম আছিল খিলঞ্জীয়াৰ বাবে সমষ্টিসমূহৰ সংৰক্ষণ৷ শেহতীয়াকৈ নির্বাচন আয়োগে নির্ধাৰণ কৰা নতুন সমষ্টি গঠনত খিলঞ্জীয়াৰ অধিকাৰ বহু পৰিমাণে সুৰক্ষিত হ’ব বুলি অৱসৰপ্রাপ্ত ন্যায়াধীশ শর্মাই আশা কৰিছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া তথা ভূমিপুত্রসকলৰ স্বাধিকাৰ প্রতিষ্ঠাৰ জৰিয়তে আলফাই প্রস্তাৱিত আলোচনাক ফলদায়ক কৰি তোলাৰ সুযোগ গ্রহণ কৰা উচিত৷

You might also like