নৈৰ পৰা জীৱন্তে উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ পুনৰ ভাৰতীয় সেনাই পৰিচয় দিলে সাহসিকতাৰ। নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি খৰস্ৰোতা নৈত পৰা এগৰাকী মহিলাক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাৰ দুই জোৱানে।
এই ঘটনা সংঘটিত হৈছে বৰপেটাত। বৰপেটাৰ নখন্দা নৈৰ ওপৰত থকা দলঙৰ পৰা জাঁপ দিছিল এগৰাকী মহিলাই। মহিলাগৰাকীৰ নৈত ককবকাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে। মহিলাগৰাকীক বচাবলৈ অসমৰ্থ হৈ স্থানীয় লোকসকলে ততালিকে খবৰ দিয়ে বৰপেটাৰ গণককুছিত থকা সেনা ছাউনীত আৰু দুই সাহসী সেনা ক্ৰমে লায়ক ৰাম আৰু অশোক ভাস্কৰ নামৰ সেনা জোৱানদুজনে নিজৰ জীৱনকো তুচ্ছ কৰি উদ্ধাৰ কৰে মহিলাগৰাকীক। আনহাতে সেনা দুজনৰ এই কাৰ্যক একেমুখে শলাগ লৈছে সকলোৱে।