অক্সিজেন মেন পংকজ কুমাৰ
- গায়ত্রী মিশ্র
ভাৰতৰ ৰাজধানী চহৰ দিল্লী৷ বেপাৰ–বাণিজ্য, শিক্ষা–দীক্ষা, স্বাস্থ্যখণ্ড, দেশৰ শীর্ষ কার্যালয়সমূহৰ অৱস্থিতিৰে দিল্লী ভাৰতৰ হূদপিণ্ডস্বৰূপ৷ আজিকালি বিভিন্ন কাৰণত দেশৰ ৰাজধানী চহৰখনলৈ নগ’লেই নহয়৷ পিছে দেশৰ হূদপিণ্ড স্বৰূপ এই ৰাজধানী চহৰখন এতিয়া ৰোগাক্রান্ত৷ অত্যধিক প্রদূষণে অতি মাৰাত্মকভাৱে গ্রাস কৰি পেলাইছে দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ৷ দিল্লী মহানগৰৰ এই প্রদূষণক লৈ বিশ্ব স্বাস্থ্য সংস্থাও চিন্তিত হৈ পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই পৃথিৱীৰ কেইবাখনো প্রধান চহৰৰ ওপৰত চলোৱা এক সমীক্ষাত প্রকাশ পাইছে যে দিল্লীৰ জলবায়ুৰ গুণাগুণ আটাইতকৈ নিকৃষ্ট৷
দিল্লীৰ এই প্রদূষণ ৰোধৰ প্রতি সজাগতাৰ সৃষ্টিৰ বাবে পংকজ কুমাৰ নামৰ এগৰাকী ব্যক্তিয়ে লৈছে এক ব্যতিক্রমী প্রচেষ্টা৷ তেওঁ এটা অক্সিজেন গেছৰ মুখা পিন্ধি লৈ পিঠিত এটা ২০ লিটাৰৰ প্লাষ্টিকৰ পানী বটল আঁৰি দিল্লীৰ দাঁতিকাষৰীয়া ব্যস্ত চহৰ নইদাৰ অলি–গলিয়ে ঘূৰি ফুৰে ৷
অক্সিজেন মুখাৰ স্বচ্ছ নলীডাল কুণ্ডলী পকাই পানীৰ বটলটোৰ ডিঙি অংশত লগ লাগি থাকে৷ এই অক্সিজেন মুখা আৰু পানীৰ বটলটো দেখাত এনে লাগে যেন এজোপা কৃত্রিম, পূর্ণ প্রস্ফুটিত গছহে পানীৰ বটলটোৰ বাহিৰলৈ ওলাই আহিছে৷ এনে লাগে যেন মানুহজনে পানীৰ বটলটোৰ পৰাহে অক্সিজেন গ্রহণ কৰি আছে৷ কাষেদি পাৰ হৈ যোৱা অসংখ্য বাটৰুৱাক উদ্দেশ্য কৰি নইদাৰ এটা ব্যস্ত পথৰ ঠিক সোঁমাজতে তেওঁ হাতত এখন প্লেকার্ড লৈ থিয় হৈ থাকে৷ প্লেকার্ডখনত হিন্দী আৰু ইংৰাজী এই দুয়োট ভাষাতে লিখা থাকে, ‘বৃক্ষ ৰোপণ কৰা, বৃক্ষ বচোৱা, অন্যথা এদিন এনেদৰে অক্সিজেন মুখা ব্যৱহাৰ কৰি ঘূৰিবলগীয়া হ’ব৷’ তেওঁৰ এই ব্যতিক্রমী তথা আকর্ষণীয় প্রচেষ্টালৈ কোনোজনে ভ্রূক্ষেপ কৰে, কোনোজনে আকৌ তেওঁলৈ লক্ষ্য নকৰাকৈয়ে পাৰ হৈ যায়৷
যেতিয়া তেওঁ থিয় হৈ থকা ঠাইৰ কাষৰ ৰাস্তাত ট্রেফিক লাইট ৰঙা হৈ পৰে, তেতিয়া আবদ্ধ বাটৰুৱাৰ কোনোজনে পংকজ কুমাৰৰ এই প্রচেষ্টাক উৎসুকতাৰ লক্ষ্য কৰে, কোনোজনে মাথো এটা হাঁহি মাৰে, কোনোজনে আকৌ মুখৰ ভংগীৰে তেওঁৰ প্রতিক্রিয়া প্রকাশ কৰাৰ বিপৰীতে
অধিক সংখ্যকেই তেওঁৰ এই কার্যক অৱজ্ঞা কৰি আনফালে মুখ ঘূৰাই৷
বিগত আঠ মাহে পংকজ কুমাৰ এই কার্যত ব্রতী হৈ আছে৷ দিল্লীবাসী লোকসকলৰ মাজত বায়ু প্রদূষণ সম্পর্কে সজাগতা সৃষ্টিৰ লগতে গছ–গছনিৰ প্রয়োজনীয়তা আৰু পৰিৱেশ পৰিষ্কাৰকৈ ৰখাৰ গুৰুত্ব সম্পর্কে মানুহক বুজাবৰ ববে তেওঁ স্ব–ইচ্ছাই এই পথ বাছি লৈছে৷ কুমাৰে কয় যে প্রতিদিনে ছঘণ্টা ধৰি মই এই সজাগতামূলক কাম কৰোঁ আৰু নইদা, দিল্লী, গুড়গাঁৱত মই যোৱা আঠ মাহ ধৰি এই কাম কৰি আছোঁ৷’ পংকজ কুমাৰে প্রায় ১০ বছৰৰ আগতে নইদা চহৰলৈ আহিছিল৷ নইদাত তেওঁ ‘বিজনেছ প্র’চেছ আউটছৰিং’ নামে এটা কোম্পানীত কর্মৰত৷ তেওঁৰ পিতৃ এগৰাকী শাক–পাচলি বিক্রেতা আৰু মাতৃ গৃহিণী ৷
কুমাৰে কয় যে আমাৰ দেশত যিধৰণে জলবায়ুৰ পৰিৱর্তন হ’বলৈ ধৰিছে আৰু ক্রমান্বয়ে যিদৰে পৰিৱেশ প্রদূষণ হ’বলৈ লৈছে ইয়ে মোক চিন্তিত কৰি তুলিছে, যাৰ বাবে এই পন্থা হাতত ল’বলৈ মই বাধ্য হ’লোঁ৷ এই কার্যৰ জৰিয়তে মই গছ–গছনিৰ প্রয়োজনীয়তা সম্পর্কে মানুহক অৱগত কৰিব বিচাৰিছোঁ৷ কুমাৰৰ মতে, চৰকাৰী আৰু আন বেচৰকাৰী সংস্থাসমূহে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেৱল হ’র্ডিং বা দেৱাল লিখনতে দায়িত্ব সামৰে৷ এই হ’র্ডিং বা দেৱাল লিখন পঢ়িবৰ বাবে মানুহৰ অধিক সময়ৰ অভাৱ৷ সেইবাবে মই এই ব্যতিক্রমী প্রচেষ্টা লৈছোঁ, যাতে মানুহে সহজতে এই বায়ু প্রদূষণৰ পৰিমাণৰ বিষয়ে বুজি উঠিব পাৰে৷ মই সুখেৰে একো নকওঁ, কেৱল হাতত প্লেকার্ড লৈ ৰাস্তাৰ মাজত থিয় হৈ থাকোঁ৷ মানুহে এই প্লেকার্ড পঢ়ি হতচকিত হৈ পৰে আৰু নিজে নিজে উপলব্ধি কৰে যে যদিহে তেওঁলোকে গছ–গছনি ৰোপণ নকৰে, তেন্তে ভৱিষ্যতে এনে এটা দিন তেওঁলোকৰ বাবে ৰৈ আছে৷ কুমাৰে লগতে কয় যে তেওঁ মানুহৰ পৰা উৎসাহজনক মন্তব্য লাভ কৰিছে৷ কুমাৰৰ এই কার্যৰ পৰা অনুপ্রাণিত হৈ এজন ব্যক্তিয়ে নিজৰ ঘৰ সাজিবৰ বাবে লগা ১০ ডাল গছ কটাৰ পৰিকল্পনা বাদ দিয়ে৷ বিভিন্ন ঔদ্যোগিক কার্যকলাপ, যান–বাহনৰ পৰা নির্গত ধোঁৱা আদি হৈছে চহৰখনৰ বায়ু প্রদূষণৰ মুখ্য কাৰক৷ যোৱা কেইবাবছৰ ধৰি, প্রতি বছৰৰ অক্টোবৰ–নৱেম্বৰ মাহত বায়ু প্রদূষণৰ মাত্রা অত্যধিক হৈ পৰে৷
দিল্লীৰ প্রশাসনে কোৱা অনুসৰি পঞ্জাব আৰু হাৰিয়ানাৰ খেতিপথাৰত লগোৱা জুইৰ ধোঁৱাৰ ফলত দিল্লীত প্রদূষণৰ পৰিমাণ বাঢ়ি গৈ আছে৷