নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আন্দোলনৰ নেতা শিৱসাগৰৰ প্ৰণৱজিৎ চলিহাৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ স্বদেশ-স্বজাতিৰ স্বাৰ্থত কাৰো আদেশলৈ বাট নাচাই ৰণত নামি পৰা অক্লান্ত যুজাৰু তথা মাধ্যম আন্দোলন, ভাষা আন্দোলন আৰু ঐতিহাসিক অসম আন্দোলনৰ শীৰ্ষতম নেতা সিংহপুৰুষ প্ৰণৱজিৎ চলিহা ওৰফে ৰমু আৰু নাই। কোটি কোটি স্বাভিমানী অসমীয়াৰ এক বলিষ্ঠ কন্ঠ-অসহায়জনৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক প্ৰণৱজিত চলিহাৰ আজি বিয়লি দুই বাজি চল্লিশ মিনিটত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান হোৱাৰ খবৰে জন্ম স্থান শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যবাসীকেই শোকস্তব্ধ কৰি তুলিছে ৷ দেশ কপোৱা তিনিটাকৈ গন আন্দোলনত সমুখৰ পৰা নেতৃত্ব দিয়া আপোচহীন প্ৰাক্তন ছাত্ৰ নেতা প্ৰনৱজিৎ চলিহা ওৰফে ৰমুৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৩ বছৰ ৷ উল্লেখ্য যে, বিগত এমাহ ধৰি হাওঁফাওঁৰ জটিল সমক্ৰমণৰ ৰোগত আক্ৰান্ত হৈ থকা সংগ্ৰামী নেতা গৰাকীক যোৱা ১ ছেপ্টেম্বৰত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল। যোৱা ১ ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত মৃত্যুৰ সৈতে যুজ দি অৱশেষত চিকিৎসকৰ নেৰানেপেৰা চেষ্টাৰ পিছতো নিয়তিৰ হাতত হাৰ মানিলে। চলিহাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই তেখেতৰ সহধৰ্মিণী ৰাকাজ্যোতি চলিহা, বৰজী কাৰ্বি চলিহা আৰু একমাত্ৰ পুত্ৰ তথা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা কান্দোনত ভাগি পৰে। চলিহাৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই অসম চিকিৎসা মহাবিদ্যালয়ত অগনন গুণমুগ্ধৰ সমাগম হয়। জাতিৰ সংকট- ভাবুকি তথা জাতীয় স্বাৰ্থ বিঘ্নিত হোৱা দেখিলেই সিংহৰ দৰে গৰজি উঠা এইগৰাকী আপোচহীন সংগ্ৰামী নেতাই বিভিন্ন আন্দোলনত শক্তিশালী ৰূপত জপিয়াই পৰি দেশৰ বিভিন্ন কাৰাগাৰত মুঠ ১২৭বাৰকৈ অভিলেষসংখ্যক সুদীৰ্ঘ সময় বন্দীত্বৰ জীৱন কটাইছিল। পৰৱৰ্তী সময়ত তেওঁ নিজাববীয়াকৈ “জাতীয় ঐক্য মঞ্চ” গঠন কৰি দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ বিধায়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। তৃতীয়বাৰৰ বাবেও চলিহাই অগপৰ পৰা এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰনৱ গগৈৰ হাতত পৰাজিত হবলগাত পৰিছিল। আজি মৃত্যুবৰণ কৰা প্ৰনৱজিৎ চলিহাৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ নগৰৰ ফুকন নগৰৰ বাসভৱনলৈ অনা হয়। জাতীয়তাবাদী নেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অগনন গুণমুগ্ধ, বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ নেতৃবৰ্গ চলিহাৰ বাসভৱনত উপস্থিত হৈ সংগ্ৰামী জননেতা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমীয়া জাতীয়তাবাদৰ এক ট্ৰেজিক চৰিত্ৰ প্ৰনৱজিৎ চলিহা ৰমু চলিহা নামেৰে ৰাজ্যজুৰি সৰ্বাধিক জনপ্ৰিয়। অসহায় জনৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে প্ৰাচীৰৰ দৰে হাজাৰজনৰ মুখত হাহি বিৰিঙাবলৈ সক্ষম হোৱা প্ৰনৱজিৎ চলিহাৰ দৰে আপোচহীন দুৰ্জেয় সাহসী যোদ্ধাক ২০১৩ বৰ্ষৰ ২৬ জানুৱাৰীত উজনি অসম মুছলিম কল্যাণ পৰিষদে প্ৰদান কৰিছিল “সিংহপুৰুষ” উপাধি। ৰমু চলিহাৰ গৰ্জনত অসমীয়া জাতিক অপমান কৰা বনিয়া বহিৰাগত গোষ্ঠীৰ বুকুৰ কপনি উঠিছিল। এই গৰাকী ছাত্ৰ নেতাই ৭০ৰ দশকত শিৱসাগৰ ভ্ৰমণলৈ অহা কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীক বৰ্ডিং খেলপথাৰত ভাষন দি থকা অৱস্থাত মাইক্ৰফোন দলিয়াই অদম্য সাহসৰ পৰিচয় দিছিল। জাতিৰ বাবে সৰ্বোচ্ছ ত্যাগ কৰিব পৰা এই গৰাকী প্ৰাক্তন ছাত্ৰ নেতাই ১৯৭৮ চনত শিৱসাগৰত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশনত নিজে নেতৃত্ব নলৈ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ হাতত সদৌ অসম ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব অৰ্পণ কৰি মহান ত্যাগৰ নজিৰ স্থাপন কৰি থৈ গৈছিল ৷যোৱা ১০ ছেপ্টেম্বৰত চলিহাৰ স্বাস্থ্যৰ খবৰ লবলৈ যোৱা অসম আন্দোলনৰ আগশাৰীৰ নেতা অধিবক্তা নেকিবুৰ জামানক আই চি ইউত দেখি কিছু সময় চকু মেলি চাই “নেকিব ত্ই আহিলি” বুলি কোৱা কথাষাৰেই আছিল চলিহাৰ মুখৰ শেষ বাক্য। তাৰ পাছতেই চলিহাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। ৰমু চলিহা নামৰ সাহসী যোদ্ধাজনে ৭০-৮০ দশকত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ নিৰ্দ্ৰাহৰন কৰাৰ উপৰিও ৯০ দশকত অসমত সমান্তৰাল চৰকাৰ চলোৱা আলফাৰ দৰে সংগঠনৰ কিছু আদৰ্শ গত অমিল আৰু মতানৈক্য হোৱাৰ বাবে সশস্ত্ৰ সংগঠন আলফাকো মুকলি প্ৰত্যাহ্বান জনাইছিল। আলফাই মৃত্যুৰ ভাবুকি দিয়াৰ পাছতো মৃত্যুলৈ তিলমাত্ৰাও ভয় নকৰি “মৃত্যুৰ আগদিনালৈকে অসমীয়া সৈনিকৰ পোচাক পিন্ধিয়েই মৰিম” বুলি আলফাক পুনৰ প্ৰত্যাহ্বান জনোৱা প্ৰনৱজিৎ চলিহাৰ সৈতে পৰৱৰ্তী সময়ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বুজাবুজি কৰিবলৈও বাধ্য হৈছিল। প্ৰখ্যাত চলিহা পৰিয়ালৰ বংশধৰ বিদ্যাধৰ চলিহা আৰু পুতলা চলিহাৰ দ্বিতীয় পুত্ৰ প্ৰনৱজিৎ চলিহাই নগাঁৱৰ নুৰুদ্দিন মুক্তাৱ মাদ্ৰাছাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। শ্বিলঙৰ ডনবস্কত কিছুদিন শিক্ষা গ্ৰহণ কৰাৰ পাছত শিৱসাগৰলৈ আহি বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ সমান্তৰাল ভাৱে প্ৰনৱজিৎ চলিহাই ৰাজ্যৰ ক্ৰীড়া জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল। দিখৌপৰীয়া ক্লাবৰ হৈ ভলীবল আৰু টাউন ক্লাবৰ হৈ ফুটবল খেলত অংশগ্ৰহণ কৰা ৰমু চলিহাই পৰৱৰ্তী সময়ত ভলীবল আৰু ফুটবলত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল যদিও দীৰ্ঘ দিন তেখেত ক্ৰীড়া পেঞ্চনৰ পৰা বঞ্চিত হৈ আছিল। ক্ৰীড়া জগতত পাৰদৰ্শিতা অৰ্জন কৰা প্ৰনৱজিৎ চলিহাৰ নেতৃত্বতে নগৰৰ টেঙানী বিলত গঢ়ি উঠিছিল শিৱসাগৰ জিলাৰ প্ৰথম খন আধুনিক পিয়লি ফুকন ষ্টেডিয়াম।পিয়লি ফুকন ষ্টেডিয়ামক মানস পুত্ৰ হিচাবে গণ্য কৰা চলিহাই বুকুত পুহি ৰাখিছিল ষ্টেডিয়ামখনৰ পুৰ্ণাংগ ৰূপ ৷ তেওঁৰ শেষ কৃৰ্ত্য কাইলৈ ফুকন নগৰ স্মশানত সম্পন্ন কৰা হব ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like