নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি চাঞ্চল্য : মেক্সিকোত অন্য গ্রহৰ প্রাণীৰ কংকাল

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : বহিঃবিশ্বৰ প্রাণীক লৈ ৰহস্যঘন পৰিস্থিতি এটাৰ সৃষ্টি হৈ থকাৰ সময়তে মেক্সিকোত বহিঃবিশ্বৰ প্রাণীৰ কংকালক লৈ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মেক্সিকোৰ সংসদত সংৰক্ষণ কৰি ৰখা বহিঃবিশ্বৰ প্রাণী তথা অন্য গ্রহৰ প্রাণীৰ কংকালক লৈ হতবাক বিজ্ঞানী–গৱেষক৷ মেক্সিকোৰ আকাশত সঘনাই সন্দেহজনক উৰন্ত চাকি কিম্বা ইউএফঅ’ৰ বিচৰণৰ বাতৰি বিশ্বৰ সংবাদ মাধ্যমত চর্চিত হৈ থকাৰ সময়তে এইবাৰ বহিঃবিশ্বৰ প্রাণীৰ কংকালক লৈ চর্চা আৰম্ভ হৈছে৷ উত্তৰ আমেৰিকাৰ দক্ষিণ দিশৰ শেষ অংশ আৰু দক্ষিণ আমেৰিকাৰ সীমান্তত অৱস্থিত মেক্সিকোৰ এটা দিশে প্রশান্ত মহাসাগৰ আৰু আনদিশে আটলাণ্টিৰ উত্তাল জলৰাশি৷ ভৌগোলিক কাৰণত আমেৰিকা মহাদেশৰ বাবে নিৰাপত্তাৰ কাৰণে গুৰুত্বপূর্ণ মেক্সিকোত বহিঃবিশ্বৰ যান সঘনাই আকাশত বিচৰণ কৰে বুলি বিশ্বজুৰি এক চর্চা আছে৷ এই বহিঃবিশ্বৰ যানৰ প্রকৃত তথ্য এতিয়ালৈকে বিজ্ঞানী–গৱেষকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ এনে সময়তে মেক্সিকোৰ সংসদে বহিঃবিশ্বৰ প্রাণীৰ কংকাল সংৰক্ষণ কৰি ৰাখি তাক প্রচাৰ কৰিছে৷ ভিন্ন গ্রহৰ প্রাণীৰ কংকাল মেক্সিকোৰ সংসদে প্রদর্শন কৰা বুলি বাতৰি প্রচাৰ হোৱাৰ লগে লগে বিজ্ঞানী আৰু গৱেষকৰ দলে এই কংকালক লৈ গৱেষণা চলাইছে৷ গৱেষণাৰ তথ্য অনুসৰি, মেক্সিকোৰ সংসদত সংৰক্ষণ কৰি ৰখা প্রাণীটোৰ কংকালৰ স্থিতি অর্থাৎ এনে প্রাণীৰ অস্তিত্ব পৃথিৱীত এতিয়ালৈকে উদ্ধাৰ হোৱা নাই৷ কংকালৰ হাতত তিনিটা আঙুলি আৰু পেটত কণীৰ লেখিয়া বস্তু পোৱা গৈছে৷ নেচনেল অট’নমাছ ইউনিভাৰচিটি অৱ মেক্সিকোত ডিএনএ পৰীক্ষাৰ অন্তত এই ৰহস্যময় কংকালটোক লৈ হতবাক হ’বলগীয়া তথ্য পোহৰলৈ আহিছে৷ গৱেষণাত কংকালটোৰ ডিএনএৰ নমুনাৰ লগত পৃথিৱীৰ কোনো প্রাণীৰ সামান্যতমো মিল নাই৷ মেক্সিকোৰ ইউএফঅ’ বিশেষজ্ঞ তথা সাংবাদিক জেমী মাছানে দাবী কৰা মতে ডিএনএ পৰীক্ষাৰ অন্তত কংকালটো অতি কমেও ১০০০ বছৰ পুৰণি৷ পেৰুৰ কুস্কো চহৰত এই কংকালটো উদ্ধাৰ কৰা হৈছে৷ বিজ্ঞানীসকলৰ মতে এই কংকালটোৰ অস্তিত্বৰ পৃথিৱীত ইয়াৰ পূর্বে সম্ভেদ পোৱা নাই৷ এই কংকালৰ প্রাণীৰ পৰা বিৱর্তনেৰে অন্য প্রাণীও সৃষ্টি হোৱা নাই৷ পৃথিৱীৰ পৰা বিলুপ্ত হোৱা প্রাণীৰ তালিকাতো এনে কংকালৰ অস্তিত্ব নাই৷ হাতত তিনিটা আঙুলি আৰু পেটত কণীৰ লেখীয়া বস্তু লাভ কৰাটো আশ্চর্যকৰ৷ কণীটো বিৰল পদার্থৰে তৈয়াৰী৷ মেক্সিকোৰ সংসদে দাবী কৰা এলিয়েন তথা বহিঃবিশ্বৰ প্রাণীৰ কংকালৰ বাতৰিটো একাংশ সংবাদ মাধ্যমে ভুৱা বুলিও দাবী কৰিছে৷ মেক্সিকোৰ সংসদে এই কংকালৰ সবিশেষ ভিডিঅ’যোগে সম্প্রচাৰ কৰিছে৷ চর্চিত মতে ইউএফঅ’ৰ পৰা হাজাৰ বছৰ পূর্বতে পৃথিৱীৰ মাটিত হয়তো অৱতৰণ কৰিছিল অন্য গ্রহণৰ প্রাণী৷ অধিক গৱেষণাই বহিঃবিশ্বৰ প্রাণীৰ অস্তিত্বক লৈ নতুন গতি দিব বুলি আশা কৰিব পাৰি৷

You might also like