নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ ছেপ্টেম্বৰত ‘এক দেশ এক নির্বাচন’ কমিটীৰ প্রথম বৈঠক 

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : ‘এক দেশ এক নির্বাচন’ নীতিৰ পৰীক্ষণ কৰিবলৈ গঠন কৰা ‘এক দেশ এক নির্বাচন’ কমিটীৰ প্রথমখন বৈঠক অহা ২৩ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ দেশৰ প্রাক্তন ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ অধ্যক্ষতাত গঠিত কমিটীখনে এই নীতিক লৈ বিতং আলোচনা কৰিব উক্ত বৈঠকত৷ লোকসভা, বিধানসভা, পৌৰ নিগম আৰু পঞ্চায়তৰ নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ নীতি পৰীক্ষণ কৰাৰ বাবে প্রাক্তন ৰাষ্ট্রপতি কোৱিন্দৰ নেতৃত্বত গঠিত সমিতিখনত আছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কংগ্রেছ নেতা অধীৰৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ প্রাক্তন বিৰোধী দলপতি গোলাব নবী আজাদ, বিত্ত আয়োগৰ প্রাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্রাক্তন সচিবপ্রধান সুভাষ চি কাশ্যপ, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু প্রাক্তন মুখ্য ভিজিলেন্স আয়ুক্ত সঞ্জয় কোঠাৰী৷ কেন্দ্রীয় আইন মন্ত্রী অর্জুনৰাম মেঘৱাল বিশেষ আমন্ত্রক হিচাপে উপস্থিত থাকিব৷

You might also like