নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ শতাংশ বৃদ্ধি পাব পাৰে কেন্দ্রীয় কর্মচাৰীৰ ডিএ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ মৰগীয়া বানচ (ডিএ) পুনৰ ৪ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ চলিত মাহৰ শেষ সপ্তাহত নাইবা অক্টোবৰৰ প্রথমভাগত আনুষ্ঠানিকভাৱে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে কেন্দ্রীয় চৰকাৰে৷ এই নতুন সিদ্ধান্তৰ ফলত সুবিধা লাভ কৰিব পেন্সনভোগীসকলেও ৷ এটা সূত্রই দাবী কৰা অনুসৰি, সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে বর্তমান ৪২ শতাংশ হাৰত ডিএ লাভ কৰি আছে৷ নতুন ঘোষণাৰ ফলত ডিএ ৪৬ শতাংশ হ’ব৷ ইয়াৰ ফলত ১ কোটিৰো অধিক চৰকাৰী কর্মচাৰী আৰু পেন্সনভোগীয়ে সুবিধা পাব৷ প্রাথমিকভাৱে জানিব পৰা গৈছে যে চলিত বর্ষৰ পহিলা জুলাইৰ পৰা এই ডিএ বলৱৎ হ’ব৷ চৰকাৰী কর্মচাৰীসকলে জুলাই আৰু আগষ্ট মাহৰ ডিএ এৰিয়াৰ হিচাপে লাভ কৰিব৷

You might also like