নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটি বিশেষভাৱে সক্ষম শিশুক দেখি উচুপি উঠিল উপায়ুক্ত

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ শিৱসাগৰৰ ডিমৌৰ এটি বিশেষভাৱে সক্ষম শিশুক দেখি উচুপি উঠিল জিলাখনৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়া। বিশেষভাৱে সক্ষম শিশুটিৱে অতি কষ্টৰে জীৱনৰ ৰং বুটলিবলৈ সক্ষম হৈছে। বিশেষভাৱে সক্ষম শিশু ধৰম ৰজকে হাত আৰু ভৰি নথকা স্বত্বেও মুখৰ সহায়ত লিখিবলৈ আৰু ছবি আঁকিবলৈ চেষ্টা কৰিছে। অতি কষ্টৰে ধৰম ৰজকে ছবি আঁকিবলৈ চেষ্টা কৰা দেখি চকুলো নিগৰি আহিল উপায়ুক্তগৰাকীৰ। এটি শিশুৰ এই কৰুণ জীৱনৰ দৃশ্যই হয়তু আপোনাকো চকু সেমেকাই তুলিব।

              আজি UNICEFৰ এটা দলসহ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়া ধৰম ৰজকে অধ্যয়ন কৰা বিদ্যালয়খনত উপস্থিত হৈ বিশেষভাৱে সক্ষম শিশুটিক সকলোধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অতি প্ৰয়োজনীয় হৈ পৰা এখন হুইল ছেয়াৰৰ ব্যৱস্থা কৰি দিয়ে।

You might also like