নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰী শক্তি বন্দন অধিনিয়ম

দেশৰ সংসদীয় ৰাজনীতিত নাৰীশক্তি বৃদ্ধিৰ পথ প্রশস্ত হৈছে৷ সংসদৰ বিশেষ অধিৱেশনত অলপতে মহিলা সংৰক্ষণ বিধেয়ক ২০২৩ তথা নাৰী শক্তি বন্দন অধিনিয়ম লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে৷ ৰাষ্ট্রপতিৰ স্বাক্ষৰ হ’লেই মহিলা সংৰক্ষণ বিধেয়ক আইনত পৰিণত হ’ব আৰু দেশৰ সংসদীয় ৰাজনীতিত বিশেষকৈ লোকসভা আৰু বিধানসভা নির্বাচনত মহিলাৰ আসন সংৰক্ষণ নিশ্চিত হ’ব৷ দেশৰ সংবিধানৰ ১২৮সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক তথা মহিলা সংৰক্ষণ বিধেয়ক বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কার্যকালত দুয়ো সদনত গৃহীত হৈ ইতিহাস সৃষ্টি কৰিছে৷ মহিলা সংৰক্ষণ বিধেয়ক অনুসৰি লোকসভা আৰু ৰাজ্যৰ বিধানসভা, দিল্লী বিধানসভাত এক তৃতীয়াংশ তথা ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব৷ দেশৰ পঞ্চায়তকে ধৰি স্থানীয় নির্বাচনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষিত হৈ আছে যদিও লোকসভা আৰু বিধানসভা নির্বাচনত মহিলাৰ বাবে এই সংৰক্ষণ ব্যৱস্থা নাছিল৷ এনে পৰিপ্রেক্ষিততে দেশৰ সংসদীয় ৰাজনীতিত মহিলাৰ আসন সংৰক্ষণৰ বিষয়টো বিগত ২৭ বছৰ ধৰি চর্চাৰ মাজত আছিল৷ ২০২৩ চনৰ ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈকে চলিত সংসদৰ বিশেষ অধিৱেশনত লোকসভা আৰু ৰাজ্যসভাত ঐতিহাসিক মহিলা সংৰক্ষণ বিধয়কখন গৃহীত হোৱাৰ পূর্বে ১৯৯৬ চনৰ পৰা এই মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বাবে কেইবাবাৰো প্রয়াস কৰা হৈছিল৷ ১৯৯৬ চনত তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দিনৰে পৰা মহিলা সংৰক্ষণ বিধেয়কক লৈ ব্যাপক আলোচনা চলিছিল৷ ১৯৯৬ চনতে প্রথম মহিলা সংৰক্ষণ বিধেয়ক সংসদত উত্থাপন হৈছিল৷ ১৯৯৮–২০০৩ চনৰ ভিতৰত চৰকাৰে বিধেয়কখন চাৰিবাৰ সদনত উত্থাপন কৰিছিল যদিও চাৰিওবাৰে গৃহীত হোৱাত ব্যর্থ হৈছিল৷ ২০০৯ চনত প্রতিবাদৰ মাজতে চৰকাৰে বিধেয়কখন উত্থাপন কৰিছিল৷ ২০১০ চনত কেন্দ্রীয় কেবিনেটে বিধেয়কখনত অনুমোদন জনাইছিল আৰু ৰাজ্যসভাত গৃহীত হৈছিল৷ ২০১৪ চনত এই বিধেয়কখন লোকসভাত উত্থাপনৰ লক্ষ্য লোৱা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল৷
ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়ক অনুসৰি লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব৷ এই সংৰক্ষণত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আবেদনৰ প্রক্রিয়া থাকিব৷ মন কৰিবলগীয়া যে দেশৰ লোকসভাত বর্তমান ১৫.২ শতাংশ মহিলা প্রতিনিধি আছে৷ ৰাজ্যসভাত আছে ১৩ শতাংশ প্রতিনিধি৷ ঐতিহাসিক বিধেয়কখনত ৰাজ্যসভাত মহিলাৰ বাবে সংৰক্ষণৰ কোনো ব্যৱস্থা কৰা হোৱা নাই৷ ভাৰতত মহিলা জনপ্রতিনিধিৰ সংখ্যা বাংলাদেশ আৰু পাকিস্তানতকৈও কম৷ ৰাষ্ট্রসংঘৰ তথ্য মতে ৰাৱান্দাত ৬১ শতাংশ, কিউবাত ৫৩ শতাংশ আৰু নিকাৰাগুৱাত ৫২ শতাংশ৷ এই তিনিখন দেশ মহিলা জনপ্রতিনিধিৰ ক্ষেত্রত শীর্ষত আছে৷ মহিলা সংৰক্ষণ বিধেয়কৰ জৰিয়তে ভাৰততো নাৰী শক্তিক সংসদীয় ৰাজনীতিত অধিক অন্তর্ভুক্তৰ ব্যৱস্থা কৰা হৈছে৷ এই পদক্ষেপক দেশৰ সকলো পক্ষই সমর্থন জনাইছে৷ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে এই বিধেয়কখন দুয়ো সদনত গৃহীত কৰিলেও বলৱৎ প্রক্রিয়া বিলম্ব কৰিব৷ চৰকাৰে মহিলা সংৰক্ষণ আইন বলৱৎ প্রক্রিয়াত বিলম্ব কৰা বাবে বিৰোধী ৰাজনৈতিক দলে সমালোচনা কৰিছে৷ দেশজুৰি সমষ্টি পুনৰ নির্ধাৰণ আৰু লোকপিয়ল সম্পূর্ণ হ’লেহে মহিলা সংৰক্ষণ প্রক্রিয়া বলৱৎ হ’ব৷ অর্থাৎ লোকসভা আৰু বিধানসভা নির্বাচনত মহিলাৰ আসন সংৰক্ষণ প্রক্রিয়াৰ বাবে দেশবাসীয়ে কেইবাবছৰো অপেক্ষা কৰিব লাগিব৷

You might also like