নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলৰ টেংকাৰত গৰু জব্দ বিহালী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে অবৈধ গৰু  ব্যৱসায় ।  নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে গৰু  ব্যৱসায়ীসকলে।  এইবাৰ তেলৰ টেংকাৰৰ ভিতৰত বিহালী আৰক্ষীয়ে উদ্ধাৰ কৰে ১৫টা অবৈধভাৱে সৰবৰাহ কৰা গৰু । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেৰেলীয়া  দলঙৰ সমীপত  নাকা চেকিঙত  বিহালী  আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি এখন তেলৰ টেংকাৰ ।  তথ্য মতে, বিহালী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি পুৱতি নিশা চেৰেলীয়া দলঙৰ সমীপৰ নাকা চেকিং বহুৱায় আৰু পুৱা প্ৰায় ৪ বজাত বিহালী আৰক্ষীক দেখাত গাড়ীখন এৰি বাহনখনৰ  চালক-হেণ্ডিমেন পলাই যায় । অৰুণাচলৰ পৰা বৰপেটা অভিমুখে গৈ থকা বাহনখনৰ নম্বৰৰ AS-09 C-0663 । বাহনখনৰ পৰা মুঠ  ১৫টা গৰু জব্দ কৰে  বিহালী আৰক্ষীয়ে। পৰৱৰ্তী সময়ত আৰক্ষী থানলৈ আনি বাহনখনৰ টেংকাৰৰ ভিতৰত পৰা গৰুকেইটা উলিয়াই খাদ্য যোগান ধৰে ।
প্ৰেৰক ভুবন লুইটেল
You might also like