নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ : বছৰ বছৰ ধৰি তিতাবৰত বনহস্তীৰ সন্ত্ৰাসত বহু জীৱন আৰু সম্পত্তি নাশ হোৱাৰ পাছত আজি পুৱতি নিশা বনহস্তীৰ আক্ৰমণত এজন বনৰক্ষী নিহত হোৱাৰ লগতে তিনিজন বনৰক্ষী গুৰুতৰভাৱে আহত হৈছে। নিহত বনকৰ্মীজনৰ নাম অতুল কলিতা (৫১)। তিতাবৰৰ বিজয় নগৰত সংঘটিত হৈছে এই ঘটনা। আহত তিনিজন বনকৰ্মী ক্ৰমে ৰাজীৱ বুঢ়াগোহাঁই, পৰাগ জ্যোতি দত্ত আৰু গীৰেন মাহাতো বুলি জানিব পৰা গৈছে। আহতকেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। মৰিয়নি গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে আক্ৰমণ সংঘটিত কৰিছে। বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ গৈ হাতীৰ আক্ৰমণত বনকৰ্মীগৰাকীৰ মৃত্যু হয়। অতি নিৰ্মমভাৱে বনকৰ্মীগৰাকীক গচকি মাৰে প্ৰকাণ্ড এটা দঁতাল হাতীয়ে। অসম চৰকাৰে জৰুৰীভাৱে বনহস্তী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ যদি ভূমিকা পালন নকৰে, তেন্তে ভৱিষ্যতে ভয়ংকৰ বিপদৰ সম্মুখীন হ’ব তিতাবৰৰ নাগৰিক। ইতিমধ্যে হাতীৰ জাকটোৱে তিতাবৰৰ মূল পথ গঁড়আলি অতিক্ৰম কৰি নগৰ অঞ্চলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে। যোৱা বছৰ তিতাবৰৰ ৰঙাজান, ঢলি, মৰ ঢলি, পুৱালী নগৰ, বোকাসোলা আদি অঞ্চলত বনহস্তীৰ সন্ত্ৰাসত ৰাইজে কৃষিকাৰ্য্য সম্পাদন কৰিব নোৱাৰিলে। এই বছৰ গিবন অভয়াৰণ্যৰ পৰা চাৰিওদিশে ওলাই অহা বনহস্তীয়ে পুনৰ সকলো কৃষি নিঃশেষ কৰাৰ ভয়ত ৰাইজ শংকিত হৈ পৰিছে। তদুপৰি পুৱতি নিশা বনকৰ্মী নিহত হোৱা ঘটনাই অধিক শংকিত কৰিছে ৰাইজক।
প্ৰেৰক ইউচুফ আলী