নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন বেটিং এপ কাণ্ডত ৰণবীৰ কাপুৰক তলব ইডিৰ

🔹 অভিযুক্তৰ বিয়াত ‘অতিথি’ হৈ সংকটত অভিনেতা

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : আইনী মেৰপেঁচত সোমাই পৰিছে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ৷ সূত্রৰ খবৰ অনুসৰি, অভিনেতাগৰাকীক তলব কৰিছে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)য়ে৷ অনলাইন গেমিং কাণ্ডত ইডিৰ জেৰাৰ সন্মুখীন হ’ব ঋষি কাপুৰৰ পুত্র৷ বলীউডৰ সূত্রই সদৰী কৰা অনুসৰি আগন্তুক ৬ অক্টোবৰত ইডিৰ কার্যালয়ত হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছে ৰণবীৰ কাপুৰক৷ ২০০ কোটি বাজেটৰ বিয়াৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকাই কাল হ’ল ৰণবীৰৰ৷ মহাদেৱ অনলাইন বেটিং এপৰ দুর্নীতিত অভিযুক্ত সৌৰভ সন্দ্রকৰৰ বিয়াত উপস্থিত আছিল ৰণবীৰসহ বহু তাৰকা৷ এই বেটিং এপটোৰ বিভিন্ন স্থানৰ কার্যালয়ত তালাচী চলাই ইডিয়ে ৪১৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে৷ ৰণবীৰসহ বহু তাৰকাই বিয়াত উপস্থিত থকাৰ বাবেই বৃহৎ অংকৰ ধন গ্রহণ কৰিছিল৷

You might also like